শোকাবহ! ৰে’লৱে ব্ৰীজত ৰঙৰ কাম কৰি থাকোতেই তীব্ৰবেগী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল ৰাজুৰ…

নিউজ ডেস্কঃ ৰে’লৱে ব্ৰীজত ৰঙৰ কাম কৰি থকাৰ সময়তে তীব্ৰবেগী ৰে’লৰ খুন্দাত্ মৃত্যু ঘটিল এজন শ্ৰমিক যুৱকৰ।

নিহত যুৱকজনৰ পৰিচয় কামৰূপ জিলাৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত আচলপাৰা গাঁৱৰ নিৱাসী ৰাজু আলী (১৯) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰাজু আলীয়ে পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বাবে ৰে’ল লাইনৰ ৰঙৰ কাম কৰিবলৈ আন সমনীয়াৰ সৈতে জাগীৰোডৰ ঔজাৰীলৈ গৈছিল।

জাগীৰোড ৰে’ল ষ্টেছনৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগৰ ঔজাৰী ৰে’লৱে ব্ৰীজত ৰঙৰ কাম কৰিছিল ৰাজুৱে।

সন্ধিয়া কাম শেষ কৰি ৰাজুৱে ব্ৰীজৰ সিমূৰত থকা ৰঙৰ সামগ্ৰীসমূহ লৈ উভতি আহোতেই তীব্ৰবেগী ৰে’লৰ খুন্দাত আহত হয় ৰাজু।

লগে লগে ৰাজুক জাগীৰোডৰ মহাত্মা গান্ধী অসামৰিক চিকিৎয়াললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।