শোকাবহ! ৰে’লৱে ট্ৰেকৰ কাষত দৌৰি থকাৰ সময়তে মালবাহী ৰে’লৰ খুন্দাত মৃত্যু বক্সাৰ মুস্কানৰ…

নিউজ ডেস্কঃ ৰে’লৱে ট্ৰেকৰ কাষত দৌৰি থকাৰ সময়তে মালবাহী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী প্ৰতিভাসম্পন্ন মহিলা বক্সাৰৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কুশীনগৰৰ পদৌনা নগৰ ৰে’লৱে ষ্টেচনৰ সমীপত।

জানিব পৰা মতে, কুশিনগৰৰ কুবেৰস্থান থানা এলেকাৰ ৰহাছু নিবাসী অৰবিন্দ মিশ্ৰৰ কন্যা তথা বক্সাৰ মুস্কান মিশ্ৰই শনিবাৰে পুৱা ৰে’লৱে ট্ৰেকৰ কাষে কাষে দৌৰাৰ প্ৰশিক্ষণ চলাই আছিল।

image 187
শোকাবহ! ৰে’লৱে ট্ৰেকৰ কাষত দৌৰি থকাৰ সময়তে মালবাহী ৰে’লৰ খুন্দাত মৃত্যু বক্সাৰ মুস্কানৰ… 2

কিন্তু দৌৰি থকাৰ সময়তে যুৱতীগৰাকীয়ে সন্তুলন হেৰুৱাই ট্ৰেকৰ ওপৰত উঠাৰ সময়তে পিছফালৰ অহা এখন দ্ৰুতবেগী মালবাহী ৰে’লে মুস্কানক খুন্দা মাৰে।

ৰে’লৰ খুন্দাত গুৰতৰভাৱে আহত মুস্কানক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে, বক্সাৰ মুস্কান বি এ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আছিল। উত্তৰ প্ৰদেশৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাখনো বক্সিং আৰু মল্লযুঁজ প্ৰতিযোগিতাত ভাগ লৈ যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল প্ৰতিভাসম্পন্ন খেলুৱৈগৰাকীয়ে।