নিউজ ডেস্কঃ ৰাজপথৰ ওপৰত উদণ্ড গৰুৰ দুৰ্বাদল যুঁজে প্ৰাণ কাঢ়িলে এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে চেন্নাইৰ তিৰুভাল্লুৰ ৰোডত।
পৰিয়ালৰ সৈতে অটোৰে যাত্ৰা কৰি থকাৰ সময়তে উদণ্ড গৰুৰ প্ৰচণ্ড খুন্দাত কিশোৰীগৰাকীৰ গাৰ ওপৰত বাগৰি পৰে অটোখন।
যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ প্ৰাণ হেৰুৱায় চি ৰুথ ছোফিয়া নামৰ ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে।
এই ঘটনাত আহত হয় কিশোৰীগৰাকীৰ অটো চালক পিতৃ আৰু মাতৃও।
জানিব পৰা মতে, যোৱা ১৭ জানুৱাৰীত ছোফিয়াই পিতৃ চাৰ্লছ (৪৮) আৰু মাতৃ মেৰী শ্বাইলা (৪০)ৰ সৈতে অটোৰে তিৰুভাল্লুৰৰ থিৰুভালাংগাডু গাঁৱৰ পৰা চেন্নাই অভিমুখে আহি আছিল।
সেই সময়ত অটোখন চলাইছিল ছোফিয়াৰ পিতৃ চাৰ্লছে নিজেই।
তেওঁলোকে আহি থকাৰ সময়তে চেন্নাই-তিৰুভাল্লুৰ পথত দুটা গৰুৰ প্ৰচণ্ড যুঁজ প্ৰত্যক্ষ কৰে। যাৰ বাবে গৰুৰ যুঁজখন শাম নকটালৈকে পথৰ এফালে অটোখন ৰাখি অপেক্ষা কৰিবলৈ ধৰে চাৰ্লছে।
কিন্তু এই কাজিয়াৰ মাজতে হঠাৎ এটা গৰুৱে তীব্ৰ বেগত আহি অটোখনত প্ৰচণ্ড জোৰে খুন্দা মৰাত অটোখন লুটি খাই পৰে।
এই ঘটনাত চাৰ্লছ, তেওঁৰ পত্নী মেৰী আৰু কন্যা ছোফিয়া তিনিওজন গুৰুতৰভাৱে আহত হয়।
লগে লগে উপস্থিত লোক সকলে তিনিওকে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায় যদিও অধিক ৰক্তক্ষৰণ ঘটি মৃত্যুক সাৱটি লয় ১৩ বছৰীয়া ৰুথ ছোফিয়াই।
ঘটনা সন্দৰ্ভত অৱদ্ৰী যান-বাহন আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।









