শোকাবহ! ২২ জানুৱাৰীত বিয়া, দুদিন পূৰ্বে সহকৰ্মীক খুৱাইছিল মিঠাই, কিন্তু তাৰ পিছতে চৰম সিদ্ধান্ত নাৰ্ছ নিশা ডেকাৰ…

নিউজ ডেস্কঃ বিয়ালৈ মাজত আৰু মাত্ৰ এমাহ। দুই এদিনতে ছুটি লৈ যোৱাৰ কথা ঘৰলৈ।

ইতিমধ্যেই ঘৰত উথপথপ লাগিছিল সকলোৰে। বিয়াৰ নিমন্ত্ৰণী পত্ৰ দিয়াত ব্যস্ত হৈ পৰিছিল মাতৃৰ লগতে পৰিয়ালৰ আন সকল সদস্য।

কিন্তু এনে উলহ মালহৰ মাজতে ৰহস্যজনকভাৱে চৰম সিদ্ধান্ত বাচি ল’লে এগৰাকী ২৯ বৰ্ষীয় যুৱতীয়ে।

দুধনৈৰ দামৰা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত নিশা ডেকা নামৰ নাৰ্ছ গৰাকীয়ে নিজৰ কোৱাৰ্টাৰৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃত নিশা ডেকাৰ ঘৰ বাইহাটা চাৰিআলিত বুলি জানিব পৰা গৈছে।

সহকৰ্মীয়ে জানিবলৈ দিয়া মতে, ৫ বছৰ ধৰি দামৰা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত হৈ থকা নিশাই বিয়া ঠিক হোৱাৰ পিছতে সহকৰ্মীৰ মাজত মিঠাই বিতৰণ কৰিছিল।

নিজৰ বিয়াখনক লৈ অতি আনন্দিত আছিল নিশা ডেকা।

কিন্তু বৃহস্পতিবাৰে পুৱা বহু পৰলৈকে নিশাই নিজৰ কোৱাৰ্টাৰৰ পৰা ওলাই অহাত চিকিৎসালয় কৰ্তৃপক্ষই প্ৰথমে ফোনযোগে তেওঁৰ সৈতে যোগাযোগৰ চেষ্টা চলায়।

কিন্তু তাৰ পিছতো কোনো প্ৰত্যুত্তৰ লাভ নকৰাত অৱশেষত আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত ভেণ্টিলেটৰত চূৰ্ণীৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে নিশা ডেকাৰ মৃতদেহটো।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি নিশাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

কি কাৰণে যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাচি ল’লে, সেয়া এতিয়াও ৰহস্য হৈয়ে আছে।