শোকাবহ! হনুমানৰ ভেশত নাচি থকা সময়তে আকস্মিক মৃত্যু অভিনেতাৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ মৃত্যুৱে কাক, কেনেকৈ কাঢ়ি লৈ যায় সেয়া কোনেও নাজানে। গনেশ পূজাত হনুমানৰ চৰিত্ৰত অভিনয় কৰা কৰা এজন ব্যক্তিয়ে মঞ্চত নাচি থকাৰ সময়তে সাৱটি লয় মৃত্যুক। এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মৈনপুৰীত।

জানিব পৰা মতে, মৈনপুৰী জিলাৰ মহল্লা বংশী গোহৰাৰ এখন গনেশ পূজাৰ পেণ্ডেলত ৰামভক্ত হনুমানৰ চৰিত্ৰলৈ মঞ্চত নাচি আছিল ৩৫ বৰ্ষীয় ৰবি শৰ্মা নামৰ লোকজনে।

মঞ্চত তেওঁ নাচি থকা সময়তে হঠাৎ মাটিত বাগৰি পৰে। প্ৰথমাৱস্থাত উপস্থিত লোক সকলে কি হৈছে অনুমান কৰিব পৰা নাছিল যদিও বহুসময় ধৰি ব্যক্তিজন মঞ্চতে পৰি ৰোৱাত উপস্থিত সকলৰ মাজত হুৱাদুৱা লগে। লগে লগে ৰবি শৰ্মাক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তজনক।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ব্যক্তিজনৰ এনে কৰুণ মৃত্যুৰ এটা ভিডিঅ’। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।