অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! স্বামী আৰু পুত্ৰৰ সৈতে বাইকেৰে ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দা, শিক্ষয়িত্ৰীৰ মৃত্যু, কথমপি প্ৰাণৰক্ষা স্বামী-পুত্ৰৰ

নিউজ ডেস্কঃ স্বামী আৰু কণমানি পুত্ৰৰ সৈতে বাইকেৰে নিশা ওভতাৰ সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী শিক্ষয়িত্ৰীয়ে।

এই শোকাবহ দুৰ্ঘটনা দেওবাৰে নিশা সংঘটিত হয় উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ খোৰাবৰ অঞ্চলৰ কুশামাহি বনাঞ্চলৰ সমীপত।

জানিব পৰা মতে, কুশীনগৰ জিলাৰ কাছয়া নিৱাসী নিধি পাণ্ডে (৩৫) নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে দেওবাৰে স্বামী বিবেক পাণ্ডে আৰু ডেৰ বছৰীয়া পুত্ৰৰ সৈতে বাইকেৰে কোনো কামত গোৰখপুৰলৈ গৈছিল।

image 32

নিশা তেওঁলোকে গোৰখপুৰৰ পৰা পুনৰ উভতিছিল ঘৰলৈ।

সেই সময়তে কুশামাহি বনাঞ্চলৰ সমীপত এখন তীব্ৰবেগী অচিনাক্ত বাহনে মহটিয়াই নিয়ে তেওঁলোকৰ বাইকখন।

বাহনৰ খুন্দাত স্বামী আৰু কণমানি সন্তানটো পথৰ পৰা দাঁতিলৈ উফৰি পৰাত কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে যদিও মূৰত গুৰুতৰভাৱে আঘাত পায় নিধি পাণ্ডেয়ে।

লগে লগে স্বামী বিবেক পাণ্ডেয়েই তেওঁক হাস্পতাললৈ লৈ যায় যদিও অধিক ৰক্তক্ষৰণ হৈ ইতিমধ্যে মৃত্যু ঘটে শিক্ষয়িত্ৰীগৰাকীৰ।

দুই সন্তানৰ মাতৃ শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুৱে পৰিয়ালটোত শোকৰ বন্যা নমাইছে। এই ঘটনাই শোকাহত কৰিছে অঞ্চলবাসীকো।