শোকাবহ! মন্দিৰত পূজা আগবঢ়াবলৈ গৈ পদপিষ্ট হৈ মৃত্যু ৩ মহিলা ভক্তৰ, আহত কেইবাজনো

নিউজ ডেস্কঃ মন্দিৰত পূজা-অৰ্চনা আগবঢ়াবলৈ গৈ ভিৰৰ মাজত পদপিষ্ট হৈ মৃত্যু ঘটিল তিনিগৰাকীকৈ ভক্তৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভেলোৰত।

উল্লেখ্য যে, ৰাজস্থানৰ ছিকাৰ জিলাৰ খাতু শ্যাম মন্দিৰত সোমবাৰে পুৱা পূজা আগবঢ়াবলৈ ভিৰ কৰিছিল অগণন ভক্তই। পুৱা ৫ বজাত মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ পিছতে ভক্ত সকলৰ মাজত প্ৰথমে পূজা আগবঢ়াবলৈ উথপথপ লাগে।

image 62
শোকাবহ! মন্দিৰত পূজা আগবঢ়াবলৈ গৈ পদপিষ্ট হৈ মৃত্যু ৩ মহিলা ভক্তৰ, আহত কেইবাজনো 3

সেই সময়তে ভিৰৰ মাজত পদপিষ্ট হৈ ৩ গৰাকী মহিলা ভক্তৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন কেইবাজনো ভক্ত।

ইফালে ঘটনাক কেন্দ্ৰ কৰি মন্দিৰ চৌহদত আতংকৰ সৃষ্টি হয়। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

মৃতক সকলৰ ভিতৰত এগৰাকীক চিনাক্ত কৰা হৈছে যদিও আন দুগৰাকীক চিনাক্ত কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই আৰক্ষী। অন্যহাতে আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাত হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

image 63
শোকাবহ! মন্দিৰত পূজা আগবঢ়াবলৈ গৈ পদপিষ্ট হৈ মৃত্যু ৩ মহিলা ভক্তৰ, আহত কেইবাজনো 4

উল্লেখ্য যে, প্ৰতি বছৰে এই সময়ত ৰাজস্থানৰ এই মন্দিৰত ভক্তৰ ভিৰ হয়। মন্দিৰৰ ওচৰৰ চৌহদত বহু লোকো মেলাত যোগদান কৰিবলৈ আহে। এই বছৰো ইয়াৰ ব্যতিক্ৰম নাছিল। সোমবাৰে পুৱাৰ ভাগত খাতু শ্যাম মন্দিৰত বৃহৎ সংখ্যক ভক্তই ভিৰ কৰে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী অশোক গেহলটে ফোনযোগে পৰিস্থিতিৰ বুজ লয়। তেওঁ নিহত সকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আহত সকলক উন্নত চিকিৎসা প্ৰদানৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

ইফালে এই ঘটনাৰ বাবেই মন্দিৰ চৌহদত আতংকৰ সৃষ্টি হোৱাত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।