অসমীয়াআন্তঃৰাষ্ট্ৰীয়

শোকাবহ! মছজিদত সংঘটিত আত্মঘাতী বিস্ফোৰণ, ধৰ্মগুৰুসহ নিহত কমেও ১৮ জন…

নিউজ ডেস্কঃ এক ভয়ংকৰ বিস্ফোৰণে কঁপাই গ’ল তালিবান শাসিত আফগানিস্তান। শুকুৰবাৰে পশ্চিম আফগানিস্তানৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত এগৰাকী ধৰ্মগুৰুকে ধৰি নিহত হয় কমেও ১৮ জন লোক। এই বিস্ফোৰণত আন ২১ জনৰো অধিক লোক আহত বুলি জানিবলৈ দিয়ে তালিবানী চৰকাৰে।

photo1662123710

জানিব পৰা মতে, পশ্চিমৰ হেৰাট চহৰৰ গুজাৰগা মছজিদত শুকুৰবাৰে দুপৰীয়াৰ নামাজৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ। সেই সময়ত মছজিদত যথেষ্ট সংখ্যক লোকে নামাজ আদায় কৰি আছিল বুলি জনায় এগৰাকী তালিবানী বিষয়াই।

image 15

এই বিস্ফোৰণতে নিহত হয় বিশিষ্ট ধৰ্মগুৰু মুজিব-উল ৰহমান আনছাৰীও। উল্লেখ্য যে, ধৰ্মগুৰু আনছাৰী তালিবানৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত হোৱাৰ লগতে বিগত সময়ত পশ্চিমীয়া দেশসমূহক সমালোচনা কৰি যথেষ্ট চৰ্চাত আছিল।

বিস্ফোৰণত তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে তালিবানৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে।

image 16

হেৰাটৰ এম্বুলেন্স চেণ্টাৰৰ বিষয়া মহম্মদ ডাউদ মহম্মদীয়ে জনোৱা মতে, বিস্ফোৰণৰ ফলত ১৮ জন লোক কমেও নিহত হোৱাৰ লগতে আন ২১ জন লোক আহত হৈছে। আহত সকলক হেৰাটৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ইফালে, শুকুৰবাৰৰ এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই কোনো সংগঠনে।