নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ কাৰ্যালয় সম্পাদক বিপ্লৱ বৰাৰ।
বৃহস্পতিবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱৰ শান্তিপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় বিপ্লৱ দাসে।
জানিব পৰা মতে, এখন বাইকেৰে বিপ্লৱ দাসে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা এখন ৱেগনআৰ বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে তেওঁক।

দুৰ্ঘটনাত পথৰ পৰা উফৰি পৰি গুৰুতৰভাৱে আহত হয় লোকজন।
লগে লগে স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰি গোলাঘাট অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
উল্লেখ্য যে, পৰিয়ালৰ একমাত্ৰ সন্তান আছিল বিপ্লৱ বৰা।
যুৱকজনৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।









