অসমীয়াআন্তঃৰাষ্ট্ৰীয়

শোকাবহ! বৰফৰ হ্ৰদত খোজকাঢ়ি গৈ থকা সময়তে ঘটিল অঘটন, মহিলাসহ মৃত্যু ৩ প্ৰবাসী ভাৰতীয়ৰ…

নিউজ ডেস্কঃ আমেৰিকাৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা প্ৰচণ্ড হিমপাতৰ মাজতে এটা বৰফৰ হ্ৰদত পৰি কৰুণ মৃত্যুক সাৱটি ল’লে মহিলাসহ ভাৰতীয় মূলৰ ৩ গৰাকীকৈ লোকে।

২৬ ডিচেম্বৰৰ বিয়লি প্ৰায় ৩.৩৫ বজাত আমেৰিকাৰ এৰিজোনাৰ কোকনিনো কাউণ্টিৰ উডছ কেনিয়ন হ্ৰদত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

মঙলবাৰে কোকনিনো কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এক বিবৃতিত জানিবলৈ দিয়া মতে, দুৰ্ঘটনাত নিহত সকলক নাৰায়ণ মুদ্দান (৪৯), গকুল মেডিছেটি (৪৭) আৰু হৰিতা মুদ্দান বুলি চিনাক্ত কৰা হৈছে।

image 166

জানিব পৰা মতে, তিনিওজনেই এৰিজোনাৰ চেণ্ডলাৰৰ বাসিন্দা আছিল আৰু মূলতঃ ভাৰতীয় আছিল।

চিচিএছঅ’ৰ বিষয়াসকলে জাৰি কৰা এক বিবৃতি অনুসৰি, এটা বৰফৰ হ্ৰদৰ ওপৰেৰে তিনিওজনে খোজকাঢ়ি গৈ থকা সময়তে বৰফ খহি তেওঁলোক হ্ৰদৰ পানীত সোমাই পৰে।

লগে লগে ওচৰৰ এটা চাব ষ্টেছনত কৰ্মৰত কৰ্মচাৰীয়ে তিনিওকে বচাবলৈ চেষ্টা চলায় যদিও প্ৰচণ্ড শীতত ইতিমধ্যে মৃত্যুক আঁকোৱালি লয় তিনিওগৰাকী প্ৰৱাসী ভাৰতীয়ই।