শোকাবহ! বিদ্যুৎ কৰ্তন নকৰাকৈয়ে বিদ্যুতৰ খুঁটাত দিলে উঠাই, শক্তি বিভাগৰ কৰ্মচাৰীৰ গাফিলতিত মৃত্যু উত্তম থাপাৰ…

নিউজ ডেস্কঃ সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই বিদ্যুৎ মাচুল বৃদ্ধি কৰি অহা বিদ্যুৎ বিভাগৰ আন এক কাণ্ডজ্ঞানহীনতাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ মাইলোত।

বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই এগৰাকী ব্যক্তিৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন হৈছে মাইলো উপ-আৰক্ষী চকীৰ অন্তৰ্গত ৱাতিজুৰ গাঁৱত।

জানিব পৰা মতে, প্ৰায় ২০০ পৰিয়ালে বাস কৰা গাঁওখনৰ ২০ টা পৰিয়ালে নিয়মীয়াকৈ বিদ্যুৎ মাচুল আদায় নিদিয়াৰ বাবে বিদ্যুৎ বিভাগে যোৱা ১৫ জানুৱাৰীত গাঁওখনৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিছিল।

কিন্তু নিয়মীয়া বিদ্যুৎ মাচুল আদায় দিয়া গাঁওখনৰ ১৮০টা পৰিয়ালে বিদ্যুৎ বিভাগৰ সিদ্ধান্তত আপত্তি দৰ্শোৱাত অৱশেষত মঙলবাৰে পুনৰ গাঁওখনত বিদ্যুৎ সংযোগ দিবলৈ আহে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী।

কিন্তু বিদ্যুৎ সংযোগৰ সময়ত বিভাগীয় কৰ্মচাৰীয়ে নিজেই বিদ্যুৎ পৰিবাহী খুঁটাত নুঠি তাৰ বাবে মাতি আনে মাইলো গাঁৱৰ উত্তম থাপা (৪৮) নামৰ সাধাৰণ লোকজনক।

ইফালে বিদুৎ কৰ্মচাৰীয়ে বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ পৰা বিদ্যুৎ কৰ্তনৰ কোনোধৰণৰ সঠিক খবৰ নোলোৱাকৈয়ে উত্তম থাপাক বিদ্যুৎ সংযোগৰ বাবে ট্ৰেন্সফৰ্মাৰৰ খুঁটাত উঠাই দিয়াত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় লোকজনে।

এই ঘটনাৰ পিছতে সমগ্ৰ গাঁওখনত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এনেদৰে উত্তম থাপাৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰি গাঁওবাসীয়ে মৃত ব্যক্তিজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন কৰিছে।