শোকাবহ! বিদ্যালয়ৰ পৰা ওভতাৰ পথত দ্ৰুতবেগী বাহনে মহটিয়াই নিলে ১০ বছৰীয়া বৰণ্যাক, সংকটজনক অৱস্থাত চিকিৎসাধীন…

নিউজ ডেস্কঃ বিদ্যালয়ৰ পৰা ঘৰলৈ বুলি আহি থকাৰ সময়ত পথ পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হ’ল এটি ১০ বছৰীয়া কন্যা শিশু।

মঙলবাৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় নগাঁৱৰ পুৰণিগুদামত।

জানিব পৰা মতে, বৰণ্যা দাস নামৰ ১০ বছৰীয়া ছাত্ৰীগৰাকীয়ে দুপৰীয়া বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত পথ পাৰ হোৱাৰ সময়তে মিকিৰভেটা আলিছিগাত এখন দ্ৰুতবেগী বাহনে শিশুটিক মহটিয়াই নিয়ে।

এই ঘটনাত গুৰুতৰভাৱে আহত শিশুটিক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে এএছ ১২এইচ ১৫৬৪ নম্বৰৰ ভানখনে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ো গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

শিশুটিৰ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।