শোকাবহ! বাইকেৰে গৃহাভিমুখে গৈ থকা সময়তে পথ দুৰ্ঘটনাত মৃত্যু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান সমুদ্ৰ নাথৰ…

নিউজ ডেস্কঃ দেওবাৰে নিশা জামুগুৰিহাটৰ গেৰেকীচুকত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী জোৱানে।

নিশা মটৰ চাইকেল লৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰি গুৰুতৰভাৱে আহত হয় সমুদ্ৰ নাথ (৩০) নামৰ অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানজন।

পৰৱৰ্তী সময়ত আহত যুৱকজনক চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে সমুদ্ৰৰ।

জানিব পৰা মতে, নিহত সমুদ্ৰ নাথৰ ঘৰ জামুগুৰিহাটৰ বামুণবাৰীত।

অঞ্চলটোৰ বিভিন্ন সাংস্কৃতিক-সামাজিক অনুষ্ঠানৰ সৈতেও ওতপ্ৰোতঃভাৱে জড়িত যুৱকজনৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।