শোকাবহ! পুত্ৰৰ বিয়ালৈ নিমন্ত্ৰণ দিবলৈ যোৱাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু পিতৃৰ, গুৰুতৰভাৱে আহত ভতিজাও…

নিউজ ডেস্কঃ ১৭ ফেব্ৰুৱাৰীত পুত্ৰৰ বিয়া। ঘৰত ইতিমধ্যেই সৃষ্টি হৈছিল উখল মাখল পৰিৱেশৰ।

পৰিয়ালৰ প্ৰতিজন সদস্যই ব্যস্ত হৈ পৰিছিল নিজৰ নিজৰ দায়িত্ব পালনত। কোনোবাই যদি লৈছিল বিয়াৰ ৰভাৰ তদাৰকৰ দায়িত্ব, আন কোনোবাজনে আকৌ হিচাপ কৰিছিল- খানাত কি কি থাকিব প্ৰকৰণ।

দৰাৰ দেউতাকৰ হাতত দায়িত্ব পৰিছিল বিয়ালৈ আত্মীয়-স্বজনক নিমন্ত্ৰণ জনোৱাৰ। আত্মীয়, পৰিচিতৰ ঘৰে ঘৰে গৈ তেওঁ বিলাইছিল পুত্ৰৰ বিয়াৰ চিঠি।

কিন্তু কোনে বাৰু জানিছিল, বিয়ালৈ মাত্ৰ আৰু কেইটামান দিন বাকী থকা অৱস্থাত কাল ধুমুহা নামিব পৰিয়ালটোলৈ!

বিয়াৰ নিমন্ত্ৰণী পত্ৰ বিলাবলৈ যাওতেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল দৰাৰ পিতৃয়ে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ পিলিভীটত।

জানিব পৰা মতে, পিলিভীটৰ দেওৰিয়া কালান থানা এলেকাৰ সৰিয়া গাঁৱৰ নিৱাসী কমলাচৰণৰ পুত্ৰ অৱনীশৰ বিয়াৰ দিন ধাৰ্য্য কৰা হৈছিল ১৭ ফেব্ৰুৱাৰীত।

মঙলবাৰে পুৱা প্ৰায় ৭.৩০ বজাত ভতিজা অতুলক লগত লৈ বাইকেৰে বৰেলীত থকা আত্মীয়ক বিয়ালৈ নিমন্ত্ৰণ জনাবলৈ গৈছিল কমলাচৰণে।

কিন্তু তেওঁলোকে গৈ থকা সময়তে বিশালপুৰ থানা এলেকাৰ বৰেলী মাৰ্গ অৱস্থিত ৰছুলা গাঁৱৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে দুয়োকে।

এই ভয়ংকৰ দুৰ্ঘটনাটোত বাইক আৰোহী কমলাচৰণৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ভতিজা অতুল।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনো নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাৰ পিছতে বাগৰি পৰে পথৰ দাঁতিৰ দ খাৱৈত।

পৰৱৰ্তী সময়ত আৰক্ষী আৰু স্থানীয় লোকে আহত অতুলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ।

দুৰ্ঘটনাৰ বিয়কে কমলাচৰণৰ পৰিয়ালক অৱগত কৰাৰ পিছতে শোকত ভাগি পৰে তেওঁৰ পৰিয়াল।