শোকাবহ! পথৰ দাঁতিত জুইৰ উম লৈ থাকোতেই নিয়ন্ত্ৰণহীন ট্ৰেইলাৰে নিলে মহটিয়াই, ৩ জনৰ মৃত্যু

নিউজ ডেস্কঃ প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰিবলৈ পথৰ দাঁতিত জুই ধৰি উম থকা সময়তে ৩ জন লোকক মহটিয়াই লৈ গ’ল এখন শিলভৰ্তি নিয়ন্ত্ৰণহীন ট্ৰেইলাৰে।

শুকুৰবাৰে পুৱা উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটোত তিনিওজন লোকৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ট্ৰেইলাৰ ট্ৰাকখনৰ চালকজনো।

image 46
শোকাবহ! পথৰ দাঁতিত জুইৰ উম লৈ থাকোতেই নিয়ন্ত্ৰণহীন ট্ৰেইলাৰে নিলে মহটিয়াই, ৩ জনৰ মৃত্যু 3

ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, দেওৰিয়াৰ মদনপুৰ আৰক্ষী থানা এলেকাৰ অন্তৰ্গত ৰুদ্ৰপুৰ-বৰহাজ পথৰ বৰাউন ছেক্সনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰেইলাৰে মহটিয়াই নিয়াৰ সময়ত এজন ব্যক্তিয়ে চাইকেল চলাই গৈ আছিল আৰু বাকী দুজনে পথৰ দাঁতিত জুইৰ উম লৈ আছিল।

image 47
শোকাবহ! পথৰ দাঁতিত জুইৰ উম লৈ থাকোতেই নিয়ন্ত্ৰণহীন ট্ৰেইলাৰে নিলে মহটিয়াই, ৩ জনৰ মৃত্যু 4

দুৰ্ঘটনাটোৰ সময়ত বৰহাজৰ পৰা ৰুদ্ৰপুৰ অভিমুখে গৈ আছিল ট্ৰেইলাৰখন।

ইফালে দুৰ্ঘটনাটোত নিহত সকলক চাইকেল আৰোহী বাহছুৱানৰ নিৱাসী পৰশ পাণ্ডে (৫১), সমোগৰ নিৱাসী সুনীল (৪৫) আৰু বাহছুৱাৰ নিৱাসী গৌৰী বুলি চিনাক্ত কৰা হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।