নিউজ ডেস্কঃ নামঘৰত কীৰ্ত্তন পাঠ কৰি থকাৰ সময়তে আকস্মিকভাৱে ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী ব্যক্তিয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত।
জানিব পৰা মতে, নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ নিৱাসী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন্দ্ৰ নাথে অইন দিনাৰ দৰে শুকুৰবাৰেও গৰখীয়া থানত কীৰ্ত্তন পাঠ কৰি আছিল।

সেই সময়তে তেওঁ আকস্মিকভাৱে মাটিত ঢলি পৰে। লগে লগে উপস্থিত আনসকল লোকে ৰবীন্দ্ৰ নাথৰ পৰিয়ালক খবৰ দি নগাঁও চহৰৰ এখন হাস্পতাললৈ লৈ যায় যদিও ইতিমধ্যেই মৃত্যু ঘটে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ।
অঞ্চলটোৰ অতি সৰবৰহী আৰু ধৰ্মপ্ৰাণ ব্যক্তি হিচাপে পৰিচিত ৬৫ বৰ্ষীয় ৰবীন্দ্ৰ নাথৰ এই আকস্মিক বিয়োগত মৰ্মাহত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। জানিব পৰা মতে, প্ৰয়াত ৰবীন্দ্ৰ নাথ অঞ্চলটোৰ বহু সামাজিক প্ৰতিষ্ঠানৰ সৈতে ওতোঃপ্ৰতঃভাৱে জড়িত আছিল।









