শোকাবহ! দ্ৰুতবেগী ৰে’লে মহতিয়াই লৈ গ’ল মিনি বাছ, শিক্ষক-শিক্ষাৰ্থীসহ ১১ জনৰ মৃত্যু, ৭ জন আহত

নিউজ ডেস্কঃ ৰে’ল গেটমেনৰ গাফিলতিৰ বাবেই তীব্ৰবেগী ৰে’লে মহতিয়াই নিলে এখন মিনি বাছ। যাৰ ফলত নিহত হয় এটা কোছিং চেণ্টাৰৰ শিক্ষক-শিক্ষাৰ্থীসহ ১১ জন। দুৰ্ঘটনাটোত আহত হয় ৭ জন।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বাংলাদেশৰ চট্টগ্ৰাম জিলাৰ মিৰছৰাই উপজিলাৰ খায়াছাৰা অঞ্চলত। বাতৰি অনুসৰি, খায়াছৰাৰ এটা অনুমোদিত লেভেল ক্ৰছিং পাৰ হোৱাৰ সময়তে মিনি বাছখনক মহতিয়াই লৈ যায় ৰে’লখনে।

mritok
শোকাবহ! দ্ৰুতবেগী ৰে’লে মহতিয়াই লৈ গ’ল মিনি বাছ, শিক্ষক-শিক্ষাৰ্থীসহ ১১ জনৰ মৃত্যু, ৭ জন আহত 4

সেই সময়ত লেভেল ক্ৰছিঙত গেটমেনজন অনুপস্থিত থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে গেটমেনজনক।

image 298
শোকাবহ! দ্ৰুতবেগী ৰে’লে মহতিয়াই লৈ গ’ল মিনি বাছ, শিক্ষক-শিক্ষাৰ্থীসহ ১১ জনৰ মৃত্যু, ৭ জন আহত 5

চট্টগ্ৰাম ৰে’লৱে আৰক্ষী অধীক্ষক মহম্মদ হাছান চৌধুৰীয়ে জনোৱা মতে, হাথাজাৰীৰ অমনবজাৰ অঞ্চলৰ জুগিৰহাটত অৱস্থিত আৰ এণ্ড জে কোছিং চেণ্টাৰৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে মিনি বাছখনেৰে খায়াছাৰাৰ ফোয়াৰালৈ গৈ থকা সময়তে শুকুৰবাৰে দুপৰীয়া ১.৪০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

image 299
শোকাবহ! দ্ৰুতবেগী ৰে’লে মহতিয়াই লৈ গ’ল মিনি বাছ, শিক্ষক-শিক্ষাৰ্থীসহ ১১ জনৰ মৃত্যু, ৭ জন আহত 6

নিহত সকলক চালক গোলাম মোস্তাফা নিৰু, আৰ আৰু জে কোছিং চেণ্টাৰৰ শিক্ষক ৱাহিদুল আলম জিশান, জিয়াউল হক ছাজিব, মোস্তাফা মছুদ ৰকিব আৰু ৰিদৱান চৌধুৰী, শিক্ষাৰ্থী মহম্মদ হাছান, মোছাব আহমেদ হিছাম, মঃ সাগৰ, ইকবাল হোছেইন মাৰুফ আৰু মঃ ছাজ্জাদ বুলি চিনাক্ত কৰা হৈছে।