শোকাবহ! তিনি বন্ধুৱে যাত্ৰা কৰিছিল একেখন বাইকত, দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত দুজনে হেৰুৱালে প্ৰাণ

নিউজ ডেস্কঃ এখন বাইকেৰে যাত্ৰা কৰা তিনি বন্ধুক মহতিয়াই থৈ গ’ল এখন দ্ৰুতবেগী ট্ৰাকে। যাৰ ফলত দুজন যুৱকৰ মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আনজন।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰ জিলাৰ ডেৰাডুন-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত।

জানিব পৰা মতে, বুধবাৰে বিয়লি তিনি বন্ধুৱে এখন বাইকেৰে মুছৌৰীৰ পৰা দিল্লীলৈ আহি থকা সময়তে বাগোৱলী মোডৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন নিয়ন্ত্ৰণহীন দ্ৰুতবেগী ট্ৰাকে তেওঁলোকক প্ৰচণ্ড জোৰে খুন্দা মাৰে।

acciddent mujaf
শোকাবহ! তিনি বন্ধুৱে যাত্ৰা কৰিছিল একেখন বাইকত, দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত দুজনে হেৰুৱালে প্ৰাণ 2

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি যুৱকক স্থানীয় লোকে লগে লগে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে দুজনক মৃত ঘোষণা কৰে।

নিহত যুৱক দুজনক কৰণ (২১) আৰু মহেশ (২০) বুলি চিনাক্ত কৰা হৈছে। আনহাতে বৰ্তমানো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে লাকী নামৰ ১৬ বছৰীয়া কিশোৰজন। নিহত আৰু আহত তিনি বন্ধু দিল্লীৰ বদৰপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক চালকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।