অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! গোহালিত গৰুক দানা দি থাকোঁতে বজ্ৰপাত পৰি মহিলাৰ মৃত্যু

নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত বিগত ২৪ ঘণ্টাৰো অধিক সময় ধৰি দি থকা ধাৰাসাৰ বৰষুণে ব্যহত কৰিছে স্বাভাৱিক জীৱন। তাৰ মাজতে ৰাজ্যখনৰ নৈনিতালত সংঘটিত হৈছে এক শোকাবহ ঘটনা।

নৈনিতাল জিলাৰ বিন্দুখাট্টাত গোহালিত গৰুক দানা দি থকাৰ সময়তে বজ্ৰপাত পৰি কৰুণ মৃত্যুৱ সাৱটি লয় এগৰাকী মহিলাই। এই ঘটনাই শোকৰ ছাঁ পেলাইছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, বিন্দুখাট্টাৰ ৰাৱতনগৰ বাসিন্দা শংকৰ দত্ত পণ্টৰ পত্নী ডলী পণ্টে দেওবাৰে সন্ধিয়া ধাৰাসাৰ বৰষুণৰ মাজতে গোহালিত গৰুক দানা দি আছিল। সেই সময়তে প্ৰচণ্ড শব্দেৰে হোৱা বজ্ৰপাতত আঘাত প্ৰাপ্ত হৈ অচেতন হৈ পৰে মহিলাগৰাকী।

photo1659358986

লগে লগে পৰিয়াল আৰু ওচৰ চুবুৰীয়াই মহিলাগৰাকীক এছটিএইচ হালদৱানীলৈ লৈ যায় যদিও হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে ডলী পণ্টে।

এটি ১২ বছৰীয়া কন্যা সন্তান আৰু এটি ১০ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ মহিলাগৰাকীৰ এই আকস্মিক মৃত্যুৱে শোকবিহ্বল কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।