শোকাবহ! গংগাৰ পাৰত ফটো তুলি থাকোতেই কোবাল ঢৌত উটি গ’ল যুৱক, এতিয়াও সন্ধানহীন

নিউজ ডেস্কঃ গংগাৰ পাৰত থিয় হৈ ফটো তুলি থাকোতেই কোবাল ঢৌত উটি গ’ল এজন যুৱক। বুধবাৰে বিয়লি এই ঘটনা সংঘটিত হয় পশ্চিমবংগৰ হাওৰাৰ বেলুৰৰ জগন্নাথ ঘাটত।

যুৱকজনৰ সন্ধানত আৰক্ষী আৰু এছডিআৰএফে অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত যুৱকজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

জানিব পৰা মতে, বুধবাৰে বিয়লি জগন্নাথ ঘাটত যথেষ্ট লোকৰ সমাগম ঘটে। ডাৱৰীয়া বতৰৰ মাজতে অনেক লোকে পৰিয়াল, বন্ধু বান্ধৱে গংগাৰ পাৰলৈ আহি এখন্তেক আনন্দৰ মুহূৰ্ত পাৰ কৰিছিল।

bann
শোকাবহ! গংগাৰ পাৰত ফটো তুলি থাকোতেই কোবাল ঢৌত উটি গ’ল যুৱক, এতিয়াও সন্ধানহীন 2

বিয়লি বন্ধুৰ সৈতে গংগাৰ পাৰৰ জগন্নাথ ঘাটলৈ আহিছিল শ্বাহিদ (২০) নামৰ জয় বিবি লেনৰ ভোট বাগানৰ যুৱকজনে। প্ৰত্যক্ষদৰ্শীৰ মতে, যুৱকজনে গংগাৰ পানী যুঁৱলিত থিয় হৈ ঢৌৰ ভিডিঅ’ মোবাইল কেমেৰাত আৱদ্ধ কৰি থকা সময়তে হঠাৎ অহা এটা কোবাল ঢৌৱে যুৱকজনক উটুৱাই লৈ যায়।

লগে লগে প্ৰত্যক্ষদৰ্শীয়ে চিঞৰ বাখৰ কৰাত এজন যুৱকে পানীত জঁপিয়াই শ্বাহিদক বচাবলৈ চেষ্টা কৰে যদিও বিফল হৈ। ইফালে ঘটনাৰ কিছুসময় পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ গংগাৰ বুকুত যুৱকজনৰ সন্ধান অভিযান আৰম্ভ কৰে।

গংগাৰ পাৰত কিছু আনন্দৰ মুহূৰ্ত পাৰ কৰিবলৈ গৈ এনেদৰে যুৱকজন সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।