শোকাবহ! ককাকৰ পিণ্ডদান কৰিবলৈ গৈ নৈত পৰি সলিল সমাধি ছাত্ৰৰ

নিউজ ডেস্কঃ ককাকৰ বছেৰেকীয়া সকামত নৈত পিণ্ড দিবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত ওদালগুৰি গাঁৱত।

জানিব পৰা মতে, মঙলবাৰে ককাকৰ বছেৰেকীয়া সকামৰ পিছত গাঁৱৰ ওচৰৰে বৈ যোৱা বেঁকী নদীত পিণ্ডদান কৰিবলৈ গৈছিল গাঁওখনৰ বেনুশ শৰ্মাৰ ১৬ বছৰীয়া পুত্ৰ মুকেশ শৰ্মাই।

পৰিয়ালৰ সৈতে নগৈ, আগতীয়াকৈ নৈৰ ঘাটলৈ গৈ গা ধুবলৈ পানীত নামোতেই বেঁকীৰ কোবাল সোঁতে উটুৱাই লৈ যায় ছাত্ৰজনক। মঙলবাৰে দুপৰীয়া প্ৰায় ডেৰ বজাত সংঘটিত হয় এই অঘটন।

photo1657084192
শোকাবহ! ককাকৰ পিণ্ডদান কৰিবলৈ গৈ নৈত পৰি সলিল সমাধি ছাত্ৰৰ 2

ইফালে ছাত্ৰজন নৈত সন্ধানহীন হোৱাৰ পিছত ঘটনাস্থলীত লাবদাংগুৰি আৰক্ষীৰ লগতে বাক্সা আৰু বৰপেটাৰ এছডিআৰএফ দল উপস্থিত হৈ কিশোৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও কোনো সম্ভেদ উলিয়াব পৰা নাই।

এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা মুকেশ এনেদৰে বেঁকীৰ বুকুত সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ককাকৰ পিণ্ডদান কৰিবলৈ গৈ বেঁকী নদীত উটি যোৱা পুত্ৰক বিচাৰি কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃও।