শোকাবহ! অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু বিশিষ্ট কবি ভগৱান কলিতাৰ…

নিউজ ডেস্কঃ এক শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিশিষ্ট কবি তথা অসম গণ পৰিষদৰ সদস্য ভগৱান কলিতাই।

শনিবাৰে সন্ধিয়া নলবাৰী জিলাৰ ধমধমাত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু ঘটে কবি কলিতাৰ।

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া ভগৱান কলিতাই চাইকেল চলাই ধমধমাৰ পৰা মহিনা পথাৰলৈ গৈ থকা সময়তে অচিনাক্ত বাহনে তেওঁক খুন্দা মাৰে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কলিতাক লগে লগে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও নিশা মৃত্যু ঘটে বিশিষ্ট কবি গৰাকীৰ।

photo1669535130
শোকাবহ! অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু বিশিষ্ট কবি ভগৱান কলিতাৰ… 2

এগৰাকী কবি হিচাপে সুপৰিচিত ভগৱান কলিতা আছিল অসম গণ পৰিষদৰ এগৰাকী নিষ্ঠাবান কৰ্মীও।

তদুপৰি স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল কলিতা।

ভগৱান কলিতাৰ আকস্মিক মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।