অসম

শিৱই ভাং খাইছিল কাৰণে আপুনি ভাং খাব নেকি, মন্ত্ৰীৰ বাহন স্পীডত যায় যাওক, মৰিবলৈ দিয়কঃ মুখ্যমন্ত্ৰী

শিৱই ভাং খাইছিল কাৰণে আপুনি ভাং খাব নেকি, মন্ত্ৰীৰ বাহন স্পীডত যায় যাওক, মৰিবলৈ দিয়ক।

গাড়ীৰ স্পীড কমাবলৈ আহ্বান জনাই এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ কয়- গাড়ীৰ স্পীড লিমিট ৪০ হ’লে কি ক্ষতি? মন্ত্ৰী যায় যাওক, মৰিব দিয়ক। আপুনি নাযাব। আপুনি জেং নকৰিব। হেলমেট নিপিন্ধাকৈ নাযাব। ৯০ শতাংশ মানুহে হেলমেট পিন্ধা হৈছে।

লগতে তেওঁ উদাহৰণ দি কয়- শিৱই ভাং খাইছিল কাৰণে আপুনি ভাং খাব নেকি? শিৱই বিহ খাইছিল, আপুনি বিহ খাব পাৰিব?

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ‘মোৰ মাক পুত্ৰহাৰা দেখিব নিবিচাৰো। মোক পত্নীক বিধৱা সাজিব নিবিছাৰো। স্পীড লিমিট কমোৱাটো মোৰ পৰৰ্ৱতী পৰিকল্পনা।

উল্লেখ্য যে, যান-বাহনৰ স্পীড নিয়ন্ত্ৰণ কৰাই মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী লক্ষ্য হ’ব বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *