অসম

আজি ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ

আজি ৰাজ্যবাসীৰ বাবে এক ঐতিহাসিক দিন।

আজি ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ।

পুৱা ১১.৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকিব অন্যান্য বিভাগীয় মন্ত্ৰীসকল।

সেই অনুসৰি, গৃহ বিভাগতঃ ৮,৮৬৭, প্ৰাথমিক শিক্ষাঃ ৭,৪২২, মাধ্যমিক শিক্ষাঃ ৩,৫১৭, উচ্চ শিক্ষাঃ ১২৪, জনস্বাস্থ্য কাৰিকৰীঃ ৩৩০, জলসম্পদঃ ১০৫, সমাজ কল্যানঃ ৬৯, স্বাস্থ্যঃ ২,৪১৯, কৃষিঃ ৫৫, পৰিৱেশ আৰু বনঃ ২৩, লোক নিৰ্মাণঃ ৮, খনি আৰ খনিজ পদাৰ্থঃ ২, শ্ৰমিক কল্যানঃ ১৭ পদত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ ১ লাখ চাকৰীৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আজি প্ৰায় ২৩০০০ যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *