শিহৰণকাৰী! কালীসাধকৰ নিৰ্দেশত ৪ বছৰীয়া কন্যাক বলি দিলে অন্ধবিশ্বাসী পিতৃয়ে…

এক শিহৰণকাৰী, অকল্পনীয় ঘটনা।

কালীসাধকৰ নিৰ্দেশত ৪ বছৰীয়া কন্যাক বলি দিলে অন্ধবিশ্বাসী পিতৃয়ে।

চৰাইদেউৰ সোণাৰিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা।

হত্যা কৰি পিতৃয়ে নৈত পেলাই দিলে কণমানিটিৰ মৃতদেহ।

নিশা চিংল’ নৈৰ পাৰলৈ নিয়া হ’ল ৪ বছৰীয়া কন্যাক, প্ৰথমে পূজা-পাঠ আৰু তাৰ পিছত পিতৃৰ সন্মুখতে হত্যা কৰিলে কালীসাধকে।

সম্প্ৰতি সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ ৩ মূল অভিযুক্তক।

কালী সাধক বগাধৰ মুণ্ডা, মৃত শিশুটিৰ পিতৃ আন্তা মুণ্ডা আৰু সহযোগী ৰাজু মুণ্ডাই সংঘটিত কৰিছিল এই বৰ্বৰ কাণ্ড।

চিংল’ লাইনৰ বগাধৰ মুণ্ডা কনিষ্ঠ কন্যা চাৰিদিন পূৰ্বে কোনোবাই অপহৰণ কৰিলে বুলি চফ্ৰাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল জ্যেষ্ঠ ভগ্নীয়ে।

তাৰ পিছতে ৫ বছৰীয়া কনমানিৰ সন্ধানত নামি পৰিছিল আৰক্ষী। মঙলবাৰৰ নিশাই নদীৰ কাষত উদ্ধাৰ হৈছিল কনমানিৰ মৃতদেহ। মৃতদেহৰ কাষতে উদ্ধাৰ হৈছিল ৰঙা কাপোৰ আৰু তন্ত্ৰ মন্ত্ৰ কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী।

 চিংল’ লাইনৰ নিবাসী আন্তা মুণ্ডাই জন্ম দিছিল ছয় গৰাকীকৈ কন্যা সন্তান। কিন্তু ষষ্ঠ গৰাকী কন্যা সন্তান জন্ম দিয়াৰ পিছতেই এদিন হঠাৎ আন্তা মুণ্ডাৰ পত্নী মৃত্যু মুখত পৰে।

তাৰ পিছতেই কালীসাধক ৰূপী বগাধৰ মুণ্ডাই আন্তাক কণমানিজনী ডাইনী বুলি প্ৰকাশ কৰে। অৱশেষত বগাধৰ মুণ্ডাৰ কথা মতেই কালী মাঁৰ ওচৰত চাৰিবছৰীয়া শিশু কন্যাক বলি দিলে সকলো খণ্ডন হ’ব বুলি পতিয়ন নিয়াই বুলি অভিযোগ উঠিছে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।

Leave a Comment