অসম

শিল কুৱেৰীক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত গুলীচালনাৰ ঘটনা, আহত দুজন…

সৰুপথাৰৰ অসম–নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নিশা গুলীচালনাৰ ঘটনা।

শিল কুৱেৰীক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘাত।

এই সংঘাতৰ পৰিনতিতে দুটা পক্ষৰ মাজত হয় গুলীয়াগুলী।

গুলীয়াগুলীত আহত হৈছে দুজনকৈ লোক।

আহত লোক দুজন ক্ৰমে হামিদ আলী আৰু আনোৱাৰ হুছেইন।

ভৰিত গুলি লগাৰ ফলৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হামিদ আলী।

চাহানুৰ, চাহাৰ আৰু হাফিজুৰ নামৰ তিনি শিলৰ ব্যৱসায়ীয়ে গুলীচালনাৰ কৰাৰ অভিযোগ হামিদ আলীৰ।

নিশা উৰিয়ামঘাটৰ মধুপুৰ গাঁৱৰ দয়ালপুৰত সংঘটিত হয় এই ঘটনা।

আঘাতপ্ৰাপ্ত হামিদ আলীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *