লামডিঙত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।
লামডিঙৰ ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ড।
সন্ধিয়া ৭ বজাত কাৰ্যালয়ৰ সকলো কাম কাৰ্য সামৰি কাৰ্যালয় বন্ধ কৰি কৰ্মচাৰীসকল ঘৰলৈ গুচি যোৱাৰ পাছত নিশাৰ ভিতৰত হঠাতে জুইয়ে আৱৰি ধৰে বিল্ডিঙটোৰ চতুৰ্থ মহলত।
আগ্নিকাণ্ডৰ ফলত কাৰ্যালয়টোৰ সকলো আচবাব জুইত জাহ যোৱাৰ লগতে বহুতো লাগতিয়াল নথি পত্ৰও জুইত জাহ যায়৷
দিনটোৰ সংগৃহীত নগদ প্ৰায় ৬ লখ ৫০ হাজাৰ টকাও কাৰ্যালয়টোতে আছিল বুলি জনায় কাৰ্যালয়টোৰ এগৰাকী বিষয়াই।
অৱশেষত লামডিঙৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত বিল্ডিঙটোতে থকা পঞ্জাৱ নেচেনেল বেংক আৰু অনান্য কাৰ্যালয়সমূহ অগ্নি সংযোগ হোৱাৰ পৰা ৰক্ষা কৰে৷
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটতৰ ফলতে কাৰ্যালয়টোত জুই সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।









