অসম

শিক্ষা সংসদৰ নিৰ্দেশনা খাৰিজ শিক্ষা বিভাগৰ, বাধ্যতামূলকভাৱে মাতৃভাষা অধ্যয়নৰ সিদ্ধান্ত বাতিল…

শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা খাৰিজ মাধ্যমিক শিক্ষা বিভাগৰ।

উচ্চতৰ মাধ্যমিকত MIL হিচাপে বাহাল থাকিব ঐচ্ছিক ইংৰাজী বিষয়।

অসমৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহত মাতৃভাষা বাধ্যতামূলক কৰি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পূৰ্বে এক নিৰ্দেশ জাৰি কৰিছিল।

পিছত বিকল্প ইংৰাজীক মাতৃভাষা ৰূপে পঢ়াৰ সুবিধা দিবলৈ দাবী জনায় বিভিন্ন দল-সংগঠনে।

ইয়াৰ পিছতে শিক্ষা বিভাগে এক নিৰ্দেশৰ জৰিয়তে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পূৰ্বৰ নিৰ্দেশ বাতিল কৰি ছাত্ৰ-ছাত্ৰীক বিকল্প ইংৰাজী ভাষাক মাতৃভাষা ৰূপে পঢ়াৰ অনুমতি দিবলৈ নিৰ্দেশ দিছে।

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত বিকল্প ইংৰাজীক মাতৃভাষা ৰূপে পঢ়াৰ সুবিধা দিলে ইংৰাজী মাধ্যমৰ বহু ছাত্ৰ-ছাত্ৰী নিজৰ মাতৃভাষা পৰিত্যাগ কৰি ইংৰাজী ভাষাতে শিক্ষাগ্ৰহণ কৰাৰ আশংকা কৰি মাতৃভাষা বাধ্যতামূলক কৰিবলৈ ৰাজ্যৰ বিভিন্ন জাতীয়তাবাদী দল-সংগঠনে দাবী জনাই আহিছিল।

mI6bGuL

কিন্তু অৱশেষত পূৰ্বৰ নিৰ্দেশ বাতিল কৰিব লগা হয় উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

বৃহস্পতিবাৰে শিক্ষা বিভাগে জাৰি কৰে নতুন নিৰ্দেশনা।

উল্লেখ্য যে, ১৯৮৪ ৰ অসম মাধ্যমিক শিক্ষা আইনৰ ১৪(৪) ধাৰা অনুসৰি খাৰিজ কৰা হয় পূৰ্বৰ নিৰ্দেশনা। ঐচ্ছিক ইংৰাজী বিষয়টোৰে কোনো সম্পৰ্ক নাই ভাৰতীয় ভাষাৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *