অসম

নামভৰ্তিৰ প্র-পত্রত বৰ্ণবাদক প্রশ্রয় একাংশ মহাবিদ্যালয়ৰ! শিক্ষামন্ত্ৰীয়ে দিলে বিশেষ নিৰ্দেশ…

ৰাজ্যৰ শৈক্ষিক ইতিহাসত সংঘটিত হ’ল নাভূত–নাশ্রুত কাণ্ড।

নামভৰ্তিৰ প্র-পত্রত বৰ্ণবাদক প্রশ্রয় মহানগৰীৰ একাংশ মহাবিদ্যালয়ৰ।

স্নাতক পৰ্যায়ত নাম ভৰ্তিৰ বাবে মহানগৰীৰ একাংশ শিক্ষানুষ্ঠানে নাম ভৰ্তি পত্ৰত ছাত্ৰ-ছাত্ৰীক উল্লেখ কৰিব দিছিল অবাঞ্চিত কিছু তথ্য।

মহাবিদ্যালয় সমূহে বিচাৰিছিল ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জাতি বা বৰ্ণ কি….?

সাধাৰণতে পত্ৰত উল্লেখ কৰিব লাগে সাধাৰণ শ্ৰেণী নে পিছ পৰা শ্ৰেণীৰ।

কিন্তু এই ক্ষেত্ৰত আছিল ছাত্ৰ বা ছাত্ৰীগৰাকী কি বৰ্ণৰ..? কলিতা নে মুছলমান নে ব্ৰাহ্মণ নে কি..? যাৰ বাবেই ৰাজ্যজুৰি তোলপাৰ লাগিছিল। 

ইফালে, শিক্ষানুষ্ঠানত বৰ্ণবাদ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুই কৰিছে বিশেষ টুইট।

শিক্ষামন্ত্ৰীগৰাকীয়ে লিখিছে- ‘অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাহিৰে কোনো জাতি বা বৰ্ণগত তথ্য বিদ্যালয় বা মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত প্ৰয়োজন নহয়। এই সম্পৰ্কত চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ নিৰ্দেশনা দিয়া হোৱা নাই।’

যদি কোনো শিক্ষানুষ্ঠানে এনে তথ্য বিচাৰিছে, তেন্তে তাক প্ৰত্যাহাৰ কৰিবলৈও আহ্বান জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *