অসমীয়াৰাষ্ট্ৰীয়

শিক্ষাই পৰম বন্ধুঃ ৮৭ বছৰ বসয়ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী…

নিউজ ডেস্কঃ বয়স মাথো এটা সংখ্যা। যদিহে মনত থাকে অদম্য ইচ্ছা, তেন্তে অসাধ্য একো নাই। সেই কথাই প্ৰমাণ কৰি দেখুৱালে ভাৰতৰে এখন ৰাজ্যৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে।

জীৱনৰ ভাটিবেলা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। পৰীক্ষাত তেওঁ সফলতাৰে উত্তীৰ্ণও হয়। ৮৭ বছৰ বয়সত তেওঁ শিক্ষাগ্ৰহণ কৰি এক নজিৰ স্থাপন কৰিছে সকলোৰে মাজত।

এইগৰাকী ৰাজনীতিবিদ হৈছে নেশ্যনেল লোক দলৰ (এনডি) নেতা তথা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালা।

photo1652248491

সোমবাৰে ভিৱানীত বীৰ শিৰোমণি মহাৰাণা প্ৰতাপৰ ৪২৮তম জন্ম জয়ন্তী উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক হাৰিয়ানা শিক্ষা পৰিষদৰ বিষয়াসকলে প্ৰদান কৰে দশম আৰু দ্বাদশ উত্তীৰ্ণ হোৱাৰ মাৰ্কশ্বীট আৰু প্ৰমাণপত্ৰ।

উল্লেখ্য যে, ওম প্ৰকাশ চৌটালাই ২০১৯ চনত দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু সেই সময়ত তেওঁ ইংৰাজী বিষয়ৰ পৰীক্ষা নিদিয়াৰ বাবে হাৰিয়ানা স্কুল শিক্ষা পৰিষদে তেওঁৰ দ্বাদশ শ্ৰেণীৰ ফলাফলো বন্ধ কৰি ৰাখিছিল।

photo1652248318

আনহাতে ২০২১ৰ আগষ্টত তেওঁ দশম শ্ৰেণীৰ ইংৰাজী পৰীক্ষাত অৱতীৰ্ণ হয় আৰু মুঠ ৪৪ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। একেলগে তেওঁ ‌দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয়।

ওম প্ৰকাশ চৌতালাৰ বৰ্তমান বয়স ৮৭ বছৰ। কিন্তু এই বয়সতো তেওঁ পৰীক্ষাত বহি সফলতাৰে উত্তীৰ্ণ হোৱাৰ কাহিনীয়ে চৰ্চা লাভ কৰিছে। অভিনন্দন আৰু শুভেচ্ছাৰে সকলোৱে উপচাই পেলাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

photo1652248517

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুক্তিলাভ কৰিছিল অভিষেক বচ্চন অভিনীত হিন্দী ছবি ‘দছৱী’। এই ছবিখনতো এগৰাকী ৰাজনীতিবিদে কাৰাগাৰৰ কুঠৰীৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

এতিয়া ‘দছৱী’ৰ কাহিনীৰ সৈতে অনেকেই ৰিজাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ জীৱনৰ কাহিনীক।

আনকি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই সফলতাত অভিনন্দন জনাইছে ‘দছৱী’ৰ অভিনেতা অভিষেক বচ্চনেও।

Leave a Reply

Your email address will not be published. Required fields are marked *