
শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উজ্বলিছে দুই যমজ ভগ্নী, প্ৰথম বিভাগত উত্তীৰ্ণ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত
নিউজ ডেস্কঃ দুটা ভিন্ন শৰীৰ, কিন্তু মূৰ একেটাই। অৱশ্যেই দুয়োৰে চিন্তাশক্তি পৃথক। এয়াই হৈছে বীনা আৰি বানী। হায়দৰাবাদৰ এই দুই সংযুক্ত যমজ ভগ্নীক লৈ আজি গৌৰৱাম্বিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। কিয়নো শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি তেলেংগানা ইণ্টাৰমিডিয়েট পৰীক্ষাত দুই যমজ ভগ্নী উত্তীৰ্ণ হয় প্ৰথম বিভাগত।
পৰীক্ষাত চিইচি গ্ৰুপ (কমাৰ্চ, ইকন’মিক্স, চিভিক্স)ৰ সৈতে বীনাই মুঠ এহাজাৰ নম্বৰৰ ভিতৰত ৭১২ নম্বৰ লাভ কৰাৰ বিপৰীতে বানীয়ে লাভ কৰে ৭০৭ নম্বৰ।

জনজাতি কল্যাণ, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী সত্যৱতী ৰাথোৰে যমজ ভগ্নীহালৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লগতে বীনা আৰু বানীৰ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা চৰকাৰে প্ৰদান কৰিব বুলিও আশ্বাস দিয়ে।
আনহাতে ভৱিষ্যতে উচ্চ শিক্ষা গ্ৰহণ কৰি চাটাৰ্ড একাউণ্টেন্ট হোৱাৰ সপোন দেখে বীনা আৰু বানীয়ে। সেইবাবেই শাৰিৰীক প্ৰতিবন্ধকতাক নেওচি হ’লেও তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।
দুই ভগ্নীয়ে ২০২০ চনত দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈও প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। তেতিয়া বীনাই ৯.৩ জিপিএ আৰু বানীয়ে ৯.২ জিপিএ লাভ কৰিছিল।

উল্লেখ্য যে, ২০০৩ চনত তেলেংগানাৰ মহাবুবনগৰ জিলাত এহাল দম্পতীৰ সংযুক্ত যমজ সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল বীনা-ৱানীয়ে। চিকিৎসাৰ সামৰ্থ্য নথকাৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকক নিবলৈ অস্বীকাৰ কৰে।
যাৰ বাবে সুদীৰ্ঘ ১২ বছৰ বয়সলৈকে নিলোফাৰ হাস্পতালত চিকিৎসক আৰু নাৰ্ছৰ তত্বাৱধানত ডাঙৰ দীঘল বীনা-বানী। তাৰ পিছতে দুয়োকে ষ্টেট হোমলৈ স্থানান্তৰ কৰা হয়।
চিকিৎসকে যমজ সন্তান দুটিক পৃথক কৰাৰ চেষ্টা কৰিছে যদিও সফল হ’ব পৰা নাই। ভাৰত, আমেৰিকা, ছিংগাপুৰৰ কেইবাগৰাকীও চিকিৎসা আৰু অস্ত্ৰোপচাৰ বিশেষজ্ঞই বছৰটোৰ ভিতৰতে যমজ ভগ্নীহালক পৃথক কৰাৰ উপায় বিচাৰি পৰীক্ষা কৰি আহিছে।

পূৰ্বে অনুমান কৰা হৈছিল যে এই জটিল পদ্ধতিৰ বাবে প্ৰায় ১০ কোটি টকা খৰচ হ’ব। কিন্তু দুই যমজ ভগ্নীৰ বাবেই এই অস্ত্ৰোপচাৰ বিপজ্জনক হোৱাৰ আশংকা কৰি পিছত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত বাতিল কৰা হয়।
বীনা আৰু বানীৰ শিক্ষাৰ বাবে ষ্টেট হোমত এগৰাকী ঘৰুৱা শিক্ষকৰো নিয়োগ কৰা হৈছিল। অতি স্বাভিমানী দুই যমজ ভগ্নীয়ে কাৰো পুতৌ ল’ব নিবিচাৰে। সেইবাবেই অশেষ পৰিশ্ৰম আৰু শৰীৰৰ বাধাক নেওচি তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে। বীনা আৰু বানী এই মুহূৰ্তত আন বহুতৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।





