নিউজ ডেস্ক। এক শােকাৱ ঘটনা।
ৰে’লযাত্ৰাৰ প্ৰাক মুহূৰ্তত ৰে’লপথৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শত আহি মৃত্যু চালকৰ।
এই কৰুণ ঘটনাৰ স্থান গুৱাহাটী ৰে’ল ষ্টেচন।

মংগলবাৰে নিশা ১০.৩০ মান বজাত সংঘটিত হয় এই শােকাৱহ ঘটনা।
এই ঘটনাত মৃত্যু হােৱা ৰে’ল চালকজনৰ নাম শিৱ শইকীয়া বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা মূর্কংচেলেক যাবলগীয়া লাচিত এক্সপ্ৰেছৰ চালক আছিল শিৱ শইকীয়া।
যাত্ৰাৰ পূৰ্বে ৰে’লৰ ইঞ্জিনত পানী ভৰাবলৈ যোৱাৰ সময়তে বিদ্যুতৰ তাঁৰৰ সৈতে স্পৰ্শ হয় বুলি ধাৰণা কৰা হৈছে।
মৃত শিৱ শইকীয়াৰ ঘৰ গুৱাহাটীৰ মালিগাঁৱত বুলি জানিব পৰা গৈছে।
বিদ্যুৎ প্ৰবাহিত হৈ শৰীৰৰ অধিকাংশতে অগ্নিদগ্ধ হয় ৰে’ল চালকজনৰ।
লগতে চাওকঃ
বিশিষ্ট অভিনেতা পংকজ পূজাৰীৰ দেহাবসান…

শােকাৱহ দুৰ্ঘটনা! কৰুণ মৃত্যু একেটা পৰিয়ালৰ তিনি সদস্যৰ, আহত এজন









