অসম

বিশিষ্ট অভিনেতা পংকজ পূজাৰীৰ দেহাবসান…

নিউজ ডেস্ক। অসমৰ ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট অভিনেতা পংকজ পূজাৰীৰ দেহাৱসান।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।

1

বৃক্ক জনিত ৰােগত ভুগি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিল বিশিষ্ট অভিনেতা গৰাকী।

ভ্ৰাম্যমাণ থিয়েটাৰ, ধাৰাবাহিকত অভিনয় কৰি নিজৰ সুদক্ষ অভিনয় প্ৰতিভাৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল পংকজ পূজাৰীয়ে।

বিশিষ্ট অভিনেতা গৰাকীৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে অসমৰ সাংস্কৃতিক জগতত। তেওঁৰ অকাল বিয়োগ অসমীয়া সাংস্কৃতিক জগতখনৰ প্ৰতি এক অপূৰণীয় ক্ষতি।

প্ৰয়াত অভিনেতাগৰাকী সহজ সৰল, অমায়িক ব্যক্তি হিচাপে পৰিচিত আছিল।

তেওঁ মঞ্চৰ লগতে বৰ্তমান টিভি চেনেলত কেইবাখনো ধাৰাবাহিকত অভিভয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

অসম চৰকাৰৰ মন্ত্ৰী অশােক সিংঘালে টুইট কৰি কয়, ‘নিজৰ সুদক্ষ অভিনয় প্রতিভাৰে অসমৰ দৰ্শকক মোহিত কৰা অভিনেতা পংকজ পূজাৰীদেৱৰ অকাল বিয়োগত অতিকৈ মৰ্মাহত। তেখেতৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগত খনৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ’ব।তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা যাচিলোঁ।’

লগতে চাওকঃ

শােকাৱহ! যাত্ৰাৰ প্ৰাক্ মুহূৰ্তত বিদ্যুৎস্পৃষ্ট হৈ ৰে’ল চালক শিৱ শইকীয়াৰ মৃত্যু

G1

প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ

G3

Leave a Reply

Your email address will not be published. Required fields are marked *