শােকাৱহ পথ দুৰ্ঘটনাত যুৱ ব্যৱসায়ী পৰাগ চৌধুৰীৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকােৱালি ল’লে কামৰূপ জিলাৰ মিৰ্জা-কােকঝাৰ নিবাসী পৰাগ চৌধুৰীয়ে।

মৃত্যুৰ সময়ত যুৱ ব্যৱসায়ীজনৰ বয়স হৈছিল ৩৯ বছৰ।

তেওঁ দক্ষিণ কামৰূপ জিলা বিজেপিৰ প্রাক্তন সভাপতি তথা পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মির্জা কোকঝাৰ নিৱাসী দীনেশ চৌধুৰীৰ পুত্ৰ।

8 edited
শােকাৱহ পথ দুৰ্ঘটনাত যুৱ ব্যৱসায়ী পৰাগ চৌধুৰীৰ মৃত্যু 3

জানিব পৰা মতে, সােমবাৰে নিশা মির্জাৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ছুইফট গাড়ীৰে সৈতে হোৱা তেওঁৰ নিজৰ গাড়ীৰ সংঘৰ্ষৰ ফলতে তেওঁৰ মৃত্যু হয়।

মানুহক সহায় কৰি ভাল পোৱা পৰাগ চৌধুৰীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ মির্জা কোকঝাৰস্থিত বাসগৃহত বন্ধু-বান্ধৱ, শুভকাংক্ষী, ইষ্ট-কুটুম্ব, বিভিন্ন দল-সংগঠনৰ লোক উপস্থিত হৈ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়।

photo 2022 06 22 10 06 42
শােকাৱহ পথ দুৰ্ঘটনাত যুৱ ব্যৱসায়ী পৰাগ চৌধুৰীৰ মৃত্যু 4

তেওঁ মৃত্যুৰ সময়ত পিতৃ-মাতৃ, পত্নী আৰু দুই কণমানি সন্তানক এৰি থৈ যায় ৷