কোনোবাই কোৱাৰ দৰে বানপানী যেন এক বছৰেকীয়া উৎসৱ হৈ পৰিছে অসমৰ বাবে।
কিন্তু এই উৎসৱ কোনো আনন্দ উল্লাহৰ নহয়, এই উৎসৱে বিধ্বস্ত প্ৰতিবছৰে বিধ্বস্ত কৰি থৈ যায় সোণৰ অসম।
এইবাৰো তাৰ ব্যতিক্ৰম নহয়। বলিয়া বানে এফালৰ পৰা তচনচ কৰিছে উজনি-নামনি।
ৰাজ্যৰ লাখ লাখা লোকে বানৰ কবলত পৰি ঘৰবাৰী হোৰুৱাই আশ্ৰই ল’ব লগা হৈছে শিবিৰত।
সৰ্বস্ব হেৰুৱাই ঠায়ে ঠায়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৰাজ্যৰ সাধাৰণ গয়াই।
ইয়াৰ মাজতে ৰাজ্যত এইপৰ্যন্ত বলিয়া বানে প্ৰাণ কাঢ়িছে ৮৮ গৰাকীকৈ লোকৰ।

চলিত বৰ্ষৰ বানপানীত অসমৰ মুঠ ৩১ খন জিলাৰ ৫৪ লাখ লোক বৰ্তমানলৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ১০৮০৩০.৯৮ হেক্টৰ কৃষিভূমি নষ্ট হৈছে।
মঙলবাৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰতিখন জিলাতে এটা মেডিকেল কন্ট্ৰ’ল ৰূম স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু প্ৰতিখন জিলাত স্থাপন হ’বলগীয়া এই কণ্ট্ৰ’ল ৰূম ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব।
স্বাস্থ্য বিভাগৰ যুটীয়া সচিৱে প্ৰতিখন জিলাতে গঠন কৰিবলগীয়া চিকিৎসা বিভাগৰ দলটোত এগৰাকী চিকিৎসক, এগৰাকী নাৰ্চ, ফাৰ্মাচী, এমপিডব্লিউ, লেবৰটৰী টেকনিচিয়ান থাকিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে।

চৰকাৰ প্ৰশাসনে বান পৰিস্থিতি চম্ভালিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যদিও ৰাজ্যৰ পূৰ্বৰ পৰিস্থিতি ঘূৰি আহিবলৈ নিসন্দেহে বহু সময়ৰ প্ৰয়োজন হ’ব।
যদিহে বান পৰিস্থিতি চৰকাৰে বিজ্ঞানসন্মতভাৱে সমাধানৰ ব্যৱস্থা নকৰে তেন্তে বছৰে বছৰে এনেদৰে অসমৰ ৰাইজে পালন কৰি আহিব লাগিব ভয়াৱহ বান উৎসৱ।









