ৰাষ্ট্ৰীয়অসমীয়া

শতায়ু গৰকিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ মাতৃ হীৰাবেনে…

নিউজ ডেস্ক। জন্মদাতৃ মাতৃৰ ওপজা দিনত মাতৃ হীৰাবেনৰ কাষত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদী।

শনিবাৰে জীৱনৰ ১০০ তম বছৰত ভৰি দিয়া মাতৃৰ চৰণ স্পৰ্শ কৰি আশীষ ল’লে পুত্ৰ নৰেন্দ্ৰ মােদীয়ে।

এই উপলক্ষে তেওঁ পুৱাই গুজৰাটৰ গান্ধীনগৰত অৱস্থিত কনিষ্ঠ ভাতৃ পংকজ মোডীৰ বাসগৃহত উপস্থিত হৈ মাতৃক সাক্ষাৎ কৰে।

মাতৃৰ সাক্ষাতত বিশেষ মুহূৰ্তৰ ফটােও টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে।

FVgEZzjaIAAKNpW

প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা ফটােত তেওঁ মাকৰ চৰণ চুই আশীৰ্বাদ লােৱাৰ উপৰি, মাতৃক মিঠাই খুৱাই আৰু তেওঁৰ চৰণ ধুই থকা পৰিলক্ষিত হৈছে।

FVgEZzkaUAE6C7i

জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ মাতৃ হীৰাবেনৰ জন্ম ১৯২৩ চনৰ ১৮ জুনত হৈছিল।

উল্লেখ্য যে হীৰাবেনৰ জন্মদিন উপলক্ষে গান্ধীনগৰ পৌৰ নিগমে এটা পথৰ নাম তেওঁ নামত নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে।

এতিয়াৰে পৰা গান্ধীনগৰৰ পৰা ৰাইচেনলৈ সংযোগ কৰা পথটো হীৰাবেন ৰোড নামেৰে জনা হ’ব।