শতাধিক এনকাউণ্টাৰেৰে ৰিয়েল সিংঘমৰূপে পৰিচিত IPS অজয় লাল শৰ্মা হৃদৰোগত আক্ৰান্ত, হাস্পতালত ভৰ্তি

নিউজ ডেস্কঃ ১০০ৰো অধিক এনকাউণ্টাৰ কৰি ৰিয়েল সিংঘম ৰূপে পৰিচিত হোৱা উত্তৰ প্ৰদেশৰ আইপিএছ বিষয়া অজয় পাল শৰ্মা হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে শুকুৰবাৰে তেওঁক ভৰ্তি কৰা হয় হাস্পতালত।

জানিব পৰা মতে, বৰ্তমান মেডাণ্টা হাস্পতালত চিকিৎসাধীন হৈ আছে আইপিএছ বিষয়াগৰাকী।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত অজয় পাল শৰ্মা হঠাৎ অসুস্থ হৈ পৰাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। য’ত চিকিৎসকে তেওঁৰ পৰীক্ষা কৰি হাৰ্ট এটেক হোৱা বুলি নিশ্চিত কৰি হাস্পতালত ভৰ্তিৰ পৰামৰ্শ দিয়ে।

image 48
শতাধিক এনকাউণ্টাৰেৰে ৰিয়েল সিংঘমৰূপে পৰিচিত IPS অজয় লাল শৰ্মা হৃদৰোগত আক্ৰান্ত, হাস্পতালত ভৰ্তি 4

২০১১ বেচৰ আইপিএছ বিষয়া অজয় পাল শৰ্মা বৰ্তমান উত্তৰ প্ৰদেশ-১১২ মুখ্য কাৰ্যালয় লক্ষ্ণৌত আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত হৈ আছে।

উল্লখ্য যে, পঞ্জাৱৰ নিৱাসী অজয় পাল শৰ্মাই আইপিএছ হিচাপে যোগদান কৰাৰ পিছৰে পৰা ১০০ৰো অধিক এনকাউণ্টাৰ সংঘটিত কৰাৰ লগতে অনেক অপৰাধীক কাৰাগাৰলৈ নিক্ষেপ কৰিবলৈ সক্ষম হৈছে।

image 49
শতাধিক এনকাউণ্টাৰেৰে ৰিয়েল সিংঘমৰূপে পৰিচিত IPS অজয় লাল শৰ্মা হৃদৰোগত আক্ৰান্ত, হাস্পতালত ভৰ্তি 5

২০১৯ চনৰ জুন মাহত ৰামপুৰত এটি ৬ বছৰীয়া শিশুৰ বলাৎকাৰত অভিযুক্ত নাজিল নামৰ বলাৎকাৰীজনক এনকাউণ্টাৰ কৰি দেশজুৰি প্ৰশংসিত হৈছিল আইপিএছ বিষয়াগৰাকী।

এই এনকাউণ্টাৰৰ বাবেই তেওঁৰ ৰিয়েল সিংঘম বুলিও অভিহিত কৰিছিল সাধাৰণ জনতাই।

image 50
শতাধিক এনকাউণ্টাৰেৰে ৰিয়েল সিংঘমৰূপে পৰিচিত IPS অজয় লাল শৰ্মা হৃদৰোগত আক্ৰান্ত, হাস্পতালত ভৰ্তি 6

অপৰাধীৰ বিৰুদ্ধে সদা কঠোৰ আইপিএছ অজয় পাল শৰ্মাই নৌছাদ ওৰফে ডেনি, সৰৱাৰ, ফুৰকান আদিৰ দৰে কুখ্যাত অপৰাধীকো গ্ৰেপ্তাৰ কৰি প্ৰশংসিত হৈছিল।