লোমহৰ্ষক! পাবলগীয়া ধনক লৈ সৃষ্টি হোৱা তৰ্কযুদ্ধৰ পৰিণতিত মহানগৰীত গাড়ীৰ ছাবিৰে ডিঙিত আক্ৰমণ কৰি হত্যা পশু চিকিৎসকক

নিউজ ডেস্কঃ পাবলগীয়া ধনক লৈ সৃষ্টি হোৱা বাক-বিতণ্ডাৰ পৰিণতিতে গাড়ীৰে ছাবিৰে ডিঙিত আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰা হ’ল এগৰাকী পশু চিকিৎসক তথা ব্যৱসায়ীক।

এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে মহানগৰীৰ বৰবাৰীত।

জানিব পৰা মতে, খঞ্জিত মেধি নামৰ পশু চিকিৎসক তথা ব্যৱসায়ীগৰাকীয়ে শনিবাৰে নিশা বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালৰ সমীপৰ ৭৭ নামৰ ৰেষ্টুৰেণ্টখনত বহি থকাৰ সময়তে সংঘটিত হয় হত্যাকাণ্ড।

image 191
লোমহৰ্ষক! পাবলগীয়া ধনক লৈ সৃষ্টি হোৱা তৰ্কযুদ্ধৰ পৰিণতিত মহানগৰীত গাড়ীৰ ছাবিৰে ডিঙিত আক্ৰমণ কৰি হত্যা পশু চিকিৎসকক 3

আৰক্ষীয়ে নিশাই আটক কৰিছে হত্যাকাৰী সুভাষ বসুমতাৰী নামৰ লোকজনক।

বাতৰি অনুসৰি, নিশা খঞ্জিত মেধিয়ে ৰেষ্টুৰেণ্টৰ মালিক আৰু আন এজন বন্ধুৰ সৈতে ৰেষ্টুৰেণ্টত বহি থকাৰ সময়তে ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰি সুভাষ বসুমতাৰী।

সুভাষ বসুমতাৰীৰ মাতৃয়ে পশু চিকিৎসকজনৰ পৰা পাবলগীয়া ৪ হাজাৰ টকাক লৈ তেওঁলোকৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ।

ইয়াৰ পৰিণাম স্বৰূপে সুভাষ বসুমতাৰীয়ে গাড়ীৰ ছাবিৰে ডিঙিত আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় খঞ্জিত মেধি।

khanjit
লোমহৰ্ষক! পাবলগীয়া ধনক লৈ সৃষ্টি হোৱা তৰ্কযুদ্ধৰ পৰিণতিত মহানগৰীত গাড়ীৰ ছাবিৰে ডিঙিত আক্ৰমণ কৰি হত্যা পশু চিকিৎসকক 4

লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে পৰৱৰ্তী সময়ত মৃত ঘোষণা কৰে।

ইফালে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত সুভাষ বসুমতাৰী সুৰাসক্ত হৈ থকা বুলি মন্তব্য কৰিছে একাংশই।

ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে নিশাই আটক কৰে অভিযুক্ত সুভাষক।