লোমহৰ্ষক! দৌল উদযাপনৰ মাজতে অঘটন, মন্দিৰৰ প্ৰসাদ বিতৰণক লৈ সংঘটিত কাজিয়াৰ পিছতে কটাৰীৰে আক্ৰমণ কৰি এজনক হত্যা সুৰাসক্তৰ…

নিউজ ডেস্কঃ হোলীৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

মন্দিৰত প্ৰসাদ বিতৰণক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত এজনক কটাৰীৰে আক্ৰমণ কৰি হত্যা সুৰাসক্তৰ।

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পাল্লিৰতাল পালপাৰাত সংঘটিত হৈছে এই লোমহৰ্ষক কাণ্ড।

ইফালে সুৰাসক্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন দুজন লোকো।

জানিব পৰা মতে, সমগ্ৰ দেশৰ লগতে বুধবাৰে পালপাৰাৰ মন্দিৰতো হোলী উপলক্ষ্যে আয়োজন কৰা হৈছিল দৌল উৎসৱৰ।

এই ধৰ্মীয় উৎসৱত প্ৰসাদ বিতৰণক লৈ সংঘটিত হোৱা কাজিয়াৰ পৰিণতিত এজন লোকক কটাৰীৰে আক্ৰমণ কৰে কৃষ্ণ শীল নামৰ আন এজনে।

যাৰ ফলত মৃত্যুক সাৱটি লয় তৰণী দাস নামৰ লোকজনে।

ইফালে হত্যাকাৰী কৃষ্ণ শীলক বাধা প্ৰদান কৰিবলৈ যোৱা আন দুজনকো কটাৰীকে আক্ৰমণ চলায় অভিযুক্তজনে।

যাৰ ফলত আঘাতপ্ৰাপ্ত হয় ৰবীন চন্দ্ৰ শীল আৰু সাধন পাল নামৰ যুৱক দুজনো।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় যদিও পলায়ন কৰিবলৈ সক্ষম হয় হত্যাকাৰী কৃষ্ণ শীল।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে হত্যাকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।