নিউজ ডেস্কঃ অভিনেত্ৰী ৰিয়া কুমাৰী ওৰফে ঈশা আলিয়াৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ।
আৰক্ষীয়ে শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, স্বামীৰ হাততেই হত্যাৰ বলি হৈছিল ঝাৰখণ্ড ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী ঈশা আলিয়াৰ।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঈশাৰ স্বামী প্ৰকাশক।
উল্লেখ্য যে, পূৰ্বে ডকাইতি চলাবলৈ অহা দুৰ্বৃত্তই ঈশাক হত্যা কৰা বুলি কাহিনী ৰচনা কৰিছিল স্বামী প্ৰকাশে।
কিন্তু ঈশাৰ পৰিয়ালে অভিনেত্ৰীগৰাকীৰ স্বামী তথা পৰিচালক প্ৰকাশ আলবেলাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত চলাই উদঘাটন কৰে হত্যাৰ ৰহস্য।
আৰক্ষীয়ে জনোৱা মতে, ঈশাৰ হত্যাক লৈ এক কাল্পনিক কাহিনী ৰচনা কৰি আৰক্ষীক শুনাইছিল স্বামী প্ৰকাশে।
প্ৰকাশে আৰক্ষীক জনোৱা মতে, ঈশা আৰু প্ৰকাশ সোমবাৰে কন্যাৰ সৈতে গাড়ীৰে কলকাতালৈ ৰাওনা হৈছিল।
কলকাতালৈ যোৱাৰ পথতে একাংশ দুস্কৃতিকাৰীয়ে লুটপাতৰ উদ্দেশ্যেৰে তেওঁলোকৰ গাড়ীখন ৰখায়। সেই সময়ত প্ৰকাশে দুৰ্বৃত্তৰ দলটোক বাধা দিবলৈ চেষ্টা কৰাত সংঘৰ্ষ ঘটে।
ইফালে দুৰ্বৃত্তই স্বামীক আক্ৰমণ কৰা দেখি ঈশাইও দুৰ্বৃত্তৰ দলটোৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাত গুলীচালনা কৰে দুৰ্বৃত্তই।
যাৰ ফলত দুৰ্বৃত্তৰ গুলীয়ে ঈশাৰ কাণত আঘাত কৰাত থিতাতে মৃত্যু ঘটে অভিনেত্ৰীগৰাকীৰ।
ইয়াৰ পিছতে প্ৰকাশ মৃতদেহ লৈ কলকাতা থানাত উপস্থিত হয়। ইছাক পইণ্ট জিৰ’ ৰেঞ্জৰ পৰা শ্বট দিয়া হৈছে।
কিন্তু ঈশাৰ মৃত্যুক লৈ সন্দেহ ঘণীভূত হোৱাত অভিনেত্ৰীগৰাকীৰ পৰিয়ালে প্ৰকাশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
পৰিয়ালৰ অভিযোগ অনুসৰি, পূৰ্বেও ঈশাৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাইছিল স্বামী প্ৰকাশে।
জানিব পৰা মতে, ঈশা আলিয়াৰ সৈতে বিবাহত সুখী নাছিল প্ৰকাশ। আইনী মেৰপেচত পৰিহে তেওঁলোকে বিবাহ পাশত আৱদ্ধ হৈছিল।
এটি দুবছৰীয়া কন্যা সন্তানৰ মাতৃ ঈশাক প্ৰায়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল প্ৰকাশে। ৰাঁচীৰ ঠাকুৰ হিলছ অঞ্চলৰ নিৱাসী ঈশাক বহু পূৰ্বৰে পৰাই হত্যাৰ পৰিকল্পনা কৰিছিল স্বামী প্ৰকাশে।
আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ তদন্ত কৰি অভিযুক্ত প্ৰকাশক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।