লাভলীনাক DSPপদ আগবঢ়োৱাক লৈ অসন্তুষ্ট বিধায়ক অখিল গগৈ…

বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজলাই বৃহস্পতিবাৰে মাতৃভূমিত উপস্থিত হয় বজ্ৰকন্যা লাভলীনা বৰগোহাঁই।

অসমত উপস্থিত হোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিপুল আদৰণি জনোৱা হয় লাভলীনাক।

এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা লাভলীনাক সম্বৰ্ধনা জনাবলৈ গুৱাহাটীস্থিত কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হয় বৃহত সভা।

উক্ত সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ জনায় লাভলীনা বৰগোহাঁইক।

এই অনুষ্ঠানত লাভলীনালৈ আগবঢ়ালে ১ কোটি টকাৰ চেক।

লগতে পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকৰা বিশেষ জলপানী।

ইয়াৰোপৰি গুৱাহাটী মহানগৰীত লাভলীনাৰ নামেৰে নামাকৰণ কৰা হ’ব এটা পথ।

আনহাতে সৰুপথাৰত ২৫ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব ক্ৰীড়া প্ৰকল্প।

অৱশ্যে লাভলীনালৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা পুৰস্কাৰক লৈ অসন্তুষ্ট শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

লাভলীনাক অসম আৰক্ষীৰ DSPপদ তথা উপহাৰ হিচাপে ১ কোটি আগবঢ়োৱাক লৈও অসন্তুষ্ট অখিল গগৈ।

ইয়াতকৈ অধিক মৰ্যাদা দিয়াৰ কথা পোষকতা অখিল গগৈৰ।

লাভলীনালৈ উপহাৰ হিচাপে ৰাজ্যচৰকাৰে ৫ কোটিমান টকা আগবঢ়ালে ভাল হয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

গগৈয়ে লগতে কয়- লাভলীনাই কেইদিনমান ঘৰত জিৰণি লৈ সোনকালে অনুশীলনলৈ যোৱাটো ভাল, সম্বৰ্ধনাবোৰ বেছিকৈ লৈ থাকিলে লাভলীনাৰ ক্ষতি হ’ব। তেওঁৰ যাত্ৰা মাত্ৰ আৰম্ভ হৈছে, এই যাত্ৰা ইমানতে যাতে কেতিয়াও সামৰণি নপৰে তাৰ বাবে লাভলীনাই আৰু বেছি কষ্ট কৰিব লাগিব।

Leave a Comment