অসম অলিম্পিক এচছিয়েচনৰ তৰফৰ পৰা লাভলীনালৈ ৩ লাখ টকা উপহাৰ…

এদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে মাতৃভূমিত উপস্থিত হয় বজ্ৰকন্যা লাভলীনা বৰগোহাঁই।

অসমত উপস্থিত হোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হয় বিপুল আদৰণি।

লাভলীনাক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হয় বৃহত সভা।

উক্ত সভাত লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদৰ লগতে উপহাৰ হিচাপে আগবঢ়োৱা হয় ১ কোটি টকা।

লগতে পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকৰা বিশেষ জলপানি।

ইয়াৰোপৰি গুৱাহাটী মহানগৰীত লাভলীনাৰ নামেৰে নামাকৰণ কৰা হ’ব এটা পথ।

আনহাতে সৰুপথাৰত ২৫ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব ক্ৰীড়া প্ৰকল্প।

ইপিনে শুক্ৰবাৰে পুৱা অসম অলিম্পিক এচছিয়েচনে আগবঢ়াই বিশেষ পুৰস্কাৰ।

অসম অলিম্পিক এচছিয়েচনৰ তৰফৰ পৰা লাভলীনালৈ আগবঢ়োৱা হয় ৩ লাখ টকাৰ উপহাৰ।

গামোচা, জাপি, শৰাই আৰু চেকযোগে সম্বৰ্ধনা জনালে অসম গৌৰৱ লাভলীনাক।

Leave a Comment