লাফিকুল ইছলামৰ হত্যাৰ লগত জড়িত ৩জন অভিযুক্তৰ নাম ৰাজহুৱা।
তিনিজনৰ নাম ৰাজহুৱা কৰিছে তদন্তকাৰী সন্থা চিবিআই-য়ে।
ৰাজহুৱা কৰা নাম কেইটা ক্ৰমে- ভালুকমাৰী গাঁৱৰ ৰূপ ব্ৰক্ষ্ম ওৰফে কেজেং ব্ৰক্ষ্ম ওৰফে ৰমেশ ব্ৰক্ষ্ম, ১নং পাবুঝৰা গাঁৱৰ ডিঙ্কুৰ মুছাহাৰী ওৰফে দাও আৰু কঠালমুৰী গাঁৱৰ ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰ।
লগতে ৩ অভিযু্ক্তৰ খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰা হৈছে।
প্ৰতিজনৰ খবৰ দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে চিবিআই-য়ে।
খবৰ দিওঁতাৰ বাবে তলত দিয়া ঠিকনাত যোগাযোগ কৰিবলৈ চিবিআইয়ে আহ্বান জনাইছে-
The HOB & Asst, Superintendent of Police, CBI, SCB,
CGO Complex, DF Block, A Wing, 2nd Floor, Salt Lake- 700064
Phone Nos. 033-23596118, 23596119, 9051255109,
Email- hobsckol@cbi.gov.in
Police Control Room Kokrajhar- 03661-270667, 6026900824
উল্লেখ্য যে, এই হত্যাকাণ্ডৰ ৪ বছৰ উকলি যোৱাৰ পিছত আজি পৰ্যন্ত হত্যাকাৰীক আটক কৰিব পৰা নাই চিবিআইয়ে।
২০১৭ চনৰ ১ আগষ্টত দুৰ্বৃত্তই মৰানাস্ত্ৰৰ দ্বাৰা গুলীয়াই হত্যা কৰিছিল লাফিকুল ইছলামক।
এই সন্দৰ্ভত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নটিফিকেশ্বনৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষী থানাত FIR NO. 492 of 2017 dt. 01.08.2017 নং গোচৰ ৰুজু কৰা হৈছিল।
এই গোচৰ পিছত সশস্ত্ৰ আইনৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ RC2/S/2017-Kol U/s/s 120B,302,326,34 IPC and U/s 25(1-A), 27(3) নং গোচৰ হিচাপে পজ্ঞীভূত হয়।









