লাট মণ্ডল নজৰুলৰ গালত মহিলাৰ চেণ্ডেলৰ চৰ! কিয় ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলৰ গাল এইবাৰ ৰঙা কৰিলে স্থানীয় ৰাইজে।

নিজৰ কাৰ্যালয়ৰ ভিতৰতে চেণ্ডেলৰে কোবাই লাট মণ্ডল নজৰুল ইছলামক এশিকনি একাংশ মহিলাৰ।

উল্লেখ্য যে, বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল নজৰুল ইছলামৰ বিৰুদ্ধে বহুবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে।

শেহতীয়াকৈ লাট মণ্ডলজনে এজনৰ মাটি ধনৰ বিনিময়ত আন এজনৰ নামত লিখি দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

স্থানীয় একাংশ লোকে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জবাবদিহী কৰে লাট মণ্ডল নজৰুলক।

সেই সময়তে লাট মণ্ডল নজৰুলৰ গালত পৰে স্থানীয় মহিলাৰ চেণ্ডেলৰ চৰ।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অভিযুক্ত লাট মণ্ডলজনক থানালৈ লৈ যায়।

ঘটনাক কেন্দ্ৰ সমগ্ৰ বিলাসীপাৰাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।