অসমঅসমীয়া

লাগিলে ৰাজনীতিৰ পৰা সন্যাস ল’ব শ্বেৰমান আলীয়ে, তথাপি নাথাকে কংগ্ৰেছত

নিউজ ডেস্ক: অব্যাহত আছে প্ৰদেশ কংগ্ৰেছত খহনীয়া। বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে সদলবলে তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীত যোগদান কৰিছে।

তাৰ মাজতে বিস্ফোৰক মন্তব্য কৰি চৰ্চালৈ আহিছে বাঘবৰ সমষ্টিৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়েও।

কংগ্ৰেছ ত্যাগ কৰাৰ স্পষ্ট ইংগিত দি শ্বেৰমান আলীয়ে কয় যে এতিয়া আৰু কংগ্ৰেছত থকাৰ প্ৰশ্নই নুঠে। কংগ্ৰেছে তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবলৈ আবেদন দাখিল কৰিছে।

serman ali

এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলত তেওঁ থকাৰ কথা নাহে বুলি মন্তব্য কৰে শ্বেৰমান আলীয়ে।

আনহাতে কংগ্ৰেছে হাজাৰ চেষ্টা কৰিলেও তেওঁৰ বিধায়ক পদ খাৰিজ নহয় বুলি দৃঢ়তাৰে কয় শ্বেৰমান আলীয়ে। তেওঁ কয় যে কংগ্ৰেছে ব্যক্তিগত ষড়যন্ত্ৰমূলকভাৱে বিধায়ক পদ খাৰিজ কৰিবলৈ আবেদন জনাইছে। কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ হুইপ অমান্য কৰিলেও তেওঁৰ বিধায়ক পদ খাৰিজ নহলহেঁতেন।

পৰৱৰ্তী পৰ্যায়ত তেওঁ সমষ্টিবাসীৰ ওচৰলৈ গৈ তেওঁলোকে দেখুৱাই দিয়া বাটেৰেই আগবাঢ়িব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

আনহাতে যদি সমষ্টিবাসী ৰাইজে তেওঁক কংগ্রেছতে থাকিবলৈ পৰামৰ্শ দিয়ে, তেন্তে তেওঁ ৰাজনীতিৰ পৰাই সন্যাস লব বুলি মন্তব্য কৰে সাংবাদিকৰ আগত।

উল্লেখ্য যে, কংগ্ৰেছৰ পৰা নিলম্বিত হৈ থকা শ্বেৰমান আলীক বিগত সময়ছোৱাত কেইবাবাৰো বিজেপিৰ সভাথলীৰ বাহিৰত প্ৰত্যক্ষ কৰা হৈছিল। এনে পৰিপ্ৰেক্ষিত যদি শ্বেৰমানে বিজেপিত যোগদান কৰে, তেন্তে ইয়াত আচৰিত হবলগীয়া একো নাথাকিব বুলিও ৰাজনৈতিক মহলত আলোচনা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *