অসমঅসমীয়া

ৰে’লৱেৰ অৱসৰপ্ৰাপ্ত অভিযন্তাৰ ঘৰত বন বিভাগৰ অতৰ্কিত অভিযান, বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

নিউজ ডেস্ক। ৰে’লৱে বিভাগৰ অসৱৰপ্ৰাপ্ত এগৰাকী অভিযন্তাৰ ঘৰত বন বিভাগে চলোৱা অতৰ্কিত অভিযানত জব্দ হ’ল বৃহৎ পৰিমাণৰ মূল্যবান কাঠৰ লগতে কাঠফলা মেচিন আৰু অত্যাধুনিক যন্ত্ৰ-পাতি।

কামৰূপ জিলাৰ ঘোঁৰামাৰাৰ ৰে’লৱেৰ অসৱৰপ্ৰাপ্ত অভিযন্তা ৰমণী ৰাভাৰ প্ৰসাদোপম অট্টালিকাত বৃহৎ পৰিমাণৰ অবৈধ কাঠ আৰু কাঠফলা মেচিন উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

G2 33

জানিব পৰা মতে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ কুলচী বনাঞ্চলিক বিষয়া দ্বিপন ডেকাৰ নেতৃত্বত ২০-২৫ জনীয়া বন বিভাগৰ এটা দলে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ঘোঁৰামাৰাত চাইকেলেৰে চোৰাং কাঠ কঢ়িয়াই অনা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায়।

এই অভিযান কালত চোৰাং কাঠ সৰবৰাহ কৰা চাইকেলসমূহ ৰমণী ৰাভাৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰাৰ পিছতে পোহৰলৈ আহে ৰহস্য। তাৰ পিছতে বন বিভাগে প্ৰায় ৭ ঘণ্টা ধৰি অভিযান চলাই ৰে’লৱেৰ অৱসৰপ্ৰাপ্ত অভিযন্তাগৰাকীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে কাঠসমূহ।

বন বিভাগৰ দলে ৰমণী ৰাভাৰ অট্টালিকাৰ গ্ৰাউণ্ড ফ্ল’ৰৰ পৰা বৃহৎ পৰিমাণৰ কাঠ উদ্ধাৰ কৰাৰ লগতে অট্টালিকাৰ চৌপাশৰ বাসগৃহৰ পৰাও ফালি থোৱা শাল-চেগুন উদ্ধাৰ কৰে। লগতে এটা কাঠফলা মেচিন আৰু অত্যাধুনিক যন্ত্ৰপাতিও উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে।

কুলচী ৰেঞ্জাৰ দ্বিপন ডেকাই জানিবলৈ দিয়া মতে ৰমনী ৰাভাৰ পুত্ৰ সদাৰাম ৰাভাই এনেদৰে ঘৰত দীৰ্ঘদিনৰ পৰাই চোৰাং কাঠৰ বেহা চলাই আহিছিল।

ঘৰতে কাঠ মিস্ত্ৰী ৰাখি অর্ডাৰ অনুযায়ী দৰ্জা, খিৰিকিৰ ফ্ৰেম, ফাৰ্নিচাৰ আদি বনাই ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল সদাৰাম ৰাভাই।

ইফালে বন বিভাগৰ এই অভিযানৰ পিছতে পলাতক হৈ আছে অভিযুক্ত সদাৰাম ৰাভা। আৰক্ষীয়ে সদাৰাম ৰাভাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *