যোগীঘোপাত উচ্ছেদিত মাদ্ৰাছা পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ আজমল, ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ হুংকাৰ

নিউজ ডেস্কঃ জেহাদী উৎখাতৰ নামত উত্তৰ প্ৰদেশৰ দৰে অসমতো মাদ্ৰাছাত বুলডোজাৰ চলাইছে অসম চৰকাৰে। ইয়াৰ বিৰোধিতা কৰি আজি সাংসদ তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল উপস্থিত হ’ল যোগীঘোপাৰ কাবাইটাৰীৰ মাৰ্কাজুল মা আৰিফ কাৰিয়ানা মাদ্ৰাছাৰ উচ্ছেদস্থলীত।

মাদ্ৰাছাত উচ্ছেদ অভিযান চলোৱা সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্তি কৰি আজমলে পুনৰ কয় যে এই মাদ্ৰাছাসমূহ ৰাইজৰ গাঁঠিৰ ধনেৰেহে নিৰ্মাণ কৰা, চৰকাৰে নিৰ্মাণ কৰা নহয়। মাদ্ৰাছা উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দিয়ে বদৰুদ্দিন আজমলে।

photo 2022 08 31 18 53 01
যোগীঘোপাত উচ্ছেদিত মাদ্ৰাছা পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ আজমল, ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ হুংকাৰ 2

তেওঁ আকৌ কয় যে জেহাদীক গ্ৰেপ্তাৰ কৰাত কোনো আপত্তি নাই। যদি কোনো মাদ্ৰাছাৰ জেহাদীৰ সৈতে সংযোগ ধৰা পৰিছে, তেন্তে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাতো কোনো আপত্তি নাই। কিন্তু সেইবুলিয়েই সকলো মাদ্ৰাছাত বুলডোজাৰ চলোৱা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়।

চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ দাৰস্থ হোৱাৰো হুংকাৰ দিয়ে এআইইউডিএফৰ প্ৰধানগৰাকীয়ে। লগতে ৰাইজক ধৈৰ্য ধৰি সংযত হৈ থাকিবলৈ আহ্বান জনায় তেওঁ।

অন্যহাতে মাদ্ৰাছাত উচ্ছেদ চলোৱা সন্দৰ্ভত আজি বিয়লি এআইইউডিএফৰ বিধায়কসহ তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব বুলিও জানিবলৈ দিয়ে বদৰুদ্দিন আজমলে।

প্ৰণিধানযোগ্য যে, জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত ৰাজ্যত কেইবাগৰাকী মাদ্ৰাছা শিক্ষক আৰু মছজিদৰ ইমামক গ্ৰেপ্তাৰ কৰাৰ পিছত মাদ্ৰাছাত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল ৰাজ্য চৰকাৰে। ইয়াৰ বিৰুদ্ধে বুধবাৰেও সংবাদ মাধ্যমৰ সন্মুখত সৰৱ হৈ পৰিছিল বদৰুদ্দিন আজমল।

এই সন্দৰ্ভত বৰদৰুদ্দিন আজমল আৰু দলীয় বিধায়কৰ দলে মুখ্যমন্ত্ৰীক আজি সন্ধিয়া সাক্ষাৎ কৰিব বুলি জনালে আজমলে৷