যোগান হ্ৰাস! চল্লিশ শতাংশ পৰ্যন্ত পিঁয়াজৰ দাম বৃদ্ধি পোৱাৰ আশংকা…

এইবাৰ পিঁয়াজৰ দামে ৰামটাঙোন শোধাব সাধাৰণ জনতাৰ মূৰত।

চল্লিশ শতাংশ পৰ্যন্ত বৃদ্ধি পাব পিঁয়াজৰ দাম।

নৱেম্বৰৰ প্ৰথম সপ্তাহৰ লৈকে অব্যাহত থাকিব মূল্যবৃদ্ধি।

খবৰ অনুসৰি প্ৰতিদিনে প্ৰায় ১৪০ৰ পৰা ১৬০ খন পিঁয়াজ ভৰ্তি ট্ৰাক আৰু টেম্পো অনা হয়।

কিন্তু যোৱা কেইদিনমানৰ পৰা যোগান কমি যোৱাৰ ফলত, বজাৰত অহা ট্ৰাকৰ সংখ্যা প্ৰায় ১০০ৰ পৰা ১১০খন হৈছে।

এনেদৰে যোগান হ্ৰাস পোৱাৰ পিছতে বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। 

যাৰ ফলত খুচুৰা বজাৰত প্ৰতি কেজি পিয়াঁজৰ দাম ৪০ টকাৰ পৰা ৫০ টকা পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা।

উল্লেখযোগ্য যে অক্টোবৰ মাহৰ আৰম্ভণিতে খুচুৰা বজাৰত প্ৰতি কেজি পিঁয়াজৰ মূল্য ১৫ৰ পৰা ২৫ টকাৰ ভিতৰত উপলব্ধ আছিল।