উৎকোচ লওঁতেই হাতে-লোটে CBIৰ জালত পৰিল ৰে’ল বিভাগৰ বিষয়া ৰবীন দাস…

CBIৰ জালত পৰিল ৰে’ল বিভাগৰ বিষয়া।

চাকৰিৰ নামত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ৰে’ল বিভাগৰ এগৰাকী বিষয়া।

আটকাধীন ৰে’ল বিষয়াজন কামৰূপ জিলাৰ হাজোৰ ৰবীন দাস।

ৰঙিয়াত অনুকম্পামূলক চাকৰিৰ নামত উৎকোচ লওঁতেই CBIৰ জালত পৰে ৰে’ল বিষয়া ৰবীন দাস।

ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ পৰিদৰ্শক ৰবীন দাস।

অনুকম্পামূলক চাকৰিৰ মেডিকেল ফলাফলৰ নামত ২০ হাজাৰ টকা বিচাৰিছিল বিষয়াগৰাকীয়ে।

প্ৰাৰ্থীৰ ৰূপত প্ৰথম কিস্তি ধন দিব আহিছিল CBIৰ বিষয়া।

বৰ্তমানলৈকে কোনো তথ্য সদৰী কৰা নাই ২০ হাজাৰ CBIএ।