আন্তঃৰাষ্ট্ৰীয়অসমীয়া

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ শিক্ষাৰ্থীক আৰ্থিক সহায় আগবঢ়াব বিশ্বিবিখ্যাত টেনিছ তাৰকা ৰ’জাৰ ফেডাৰেৰে

নিউজ ডেস্ক। ৰাছিয়াৰ সামৰিক অভিযানত অব্যাহত আছে ইউক্ৰেইনত আতংক। ইখনৰ পিছত সিখন চহৰত চলিছে ধ্বংসযজ্ঞ।

হাজাৰ হাজাৰ লোকে এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে, জীৱনৰ তাড়নাত দেশ এৰি পলায়ন কৰিছে অগণন লোকে।

ইউক্ৰেইনৰ এনে যুদ্ধৰ পৰিস্থিতিত স্থবিৰ গৈ পৰিছে শিক্ষা, স্বাস্থ্যসেৱা আদিও। ইউক্ৰেইনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰি অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিছে অলেখ শিক্ষানুষ্ঠান।

FONB026XsAA8GzU

এনে সময়তে শিক্ষাৰ্থীসকলক আৰ্থিক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিশ্ববিখ্যাত টেনিছ তাৰকা তথা ২০ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ৰ’জাৰ ফেডাৰেৰ।

টেনিছ তাৰকা গৰাকীয়ে শুকুৰবাৰে ঘোষণা কৰে যে ৰাছিয়াৰ সামৰিক অভিযানৰ মাজতে ইউক্ৰেইনৰ ছাত্ৰ-ছাত্ৰীৰ নিৰন্তৰ স্কুলীয়া শিক্ষা বাহাল ৰাখিবলৈ তেওঁ ৫ লাখ মাৰ্কিন ডলাৰ আগবঢ়াব।

টুইটাৰত তেওঁ লিখিছে, “মই আৰু মোৰ পৰিয়ালে ইউক্ৰেইনৰ ছবি দেখি আতংকিত হৈ পৰিছো আৰু ইমান ভয়ানকভাৱে প্ৰভাৱিত হোৱা নিৰীহ লোকসকলৰ বাবে হৃদয় কঁপি উঠিছে। আমি ইউক্ৰেইনত বৰ্তমান যত্নৰ প্ৰয়োজন হোৱা শিশুসকলক সহায় আগবঢ়াম। প্ৰায় ৬ নিযুত ইউক্ৰেইনৰ শিশু বৰ্তমান বিদ্যালয়ৰ বাহিৰত আছে আৰু আমি জানো যে শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ সময়। এনে বেদনাদায়ক অভিজ্ঞতাৰ সৈতে মোকাবিলা কৰিবলৈ আমি তেওঁলোকলৈ সমৰ্থন আগবঢ়াব বিচাৰো।”

Evt7i85XYAEFdFk

তেওঁ লগতে কয়, “ৰ’জাৰ ফেডাৰেৰ ফাউণ্ডেচনৰ জৰিয়তে আমি ইউক্ৰেইনৰ শিশুসকলৰ বাবে স্কুলীয়া শিক্ষা অব্যাহত ৰখাৰ সুবিধা ৰখাৰ বাবে ৫ লাখ ডলাৰ অনুদান আগবঢ়াম।

Leave a Reply

Your email address will not be published. Required fields are marked *